বসন্তৰ আগমনত~প্ৰবন্ধ~জ্যোৎস্না বৰা শইকীয়া

©Admin
0
বসন্তৰ আগমনত কুলি কেতেকীৰ সুমধুৰ মাতত ডেকা- গাভৰুৰ গা-মন ৰাঁই-জাঁই  নিশ্চয় কৰিব । প্ৰিয়তমাৰ আচল উৰুৱাই প্ৰকৃতিৰ সৌন্দৰ্যক ন কৈ সজাই নিয়া ফাগুনৰ পছোৱাৰ পিছে পিছেই বৰদৈচিলাও মাকৰ ঘৰলৈ ফুৰিবলৈ আহিল। লগত লৈ আহিল বসন্তৰ বতৰা, অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুৰ মাদকতা।ফাগুনে ধূলিয়ৰি কৰা প্ৰকৃতিক  উৰ্বৰা কৰিবৰ বাবে প্ৰকৃতিয়েও গা ধুই ন সাঁজ পিন্ধিবলৈ ৰৈ আছে। অসমীয়া খেতিয়কেও আকুলতাৰে বাট চাই ৰৈ আছে ব’হাগৰ বৰষুণজাকলৈ। খেতিয়কৰ আশাৰ বতৰা হৈ বৰদৈচিলা জনীয়ে লৈ আহে ন-পানীৰ সোঁত, জীপাল কৰি তোলে প্ৰকৃতিৰ বুকু। সেয়ে বহাগ মাথোঁ এটা ঋতু নহয় অসমীয়াৰ বাবে, ই অসমীয়াৰ জীৱনৰ আয়ুস ৰেখা। আকৌ আহিল ব’হাগ ।  এই বসন্ততে প্ৰকৃতিয়ে প্ৰাণ পায়। অকৃপন হাতেৰে বসন্তই প্ৰকৃতিক পিন্ধায় বাসন্তী সাজ। আকাশত বিজুলীৰ জুনুকা।আতুৰ বিৰিখৰ পিয়াহ পলায় বহাগৰ প্ৰথমজাক বৰষুণত। ৰঙা- সেউজীয়া কুঁহিপাতেৰে গা ঢাকি ভৰুণ হয় বন -বননি ।কুলিৰ মৌসনা মিঠা মাতে আদৰি আনিলে বসন্তৰ বতৰা। চৌদিশে  ফুলৰ মেলা । মৌমাখিৰ গুণগুণনিত বসন্তৰ অনুভৱ। বসন্ত মানেই যেন নৱযৌৱনা ধৰিত্ৰী , সম্ভাৱনাৰ বিস্তীৰ্ণ পাহাৰ । বসন্তৰ এই মায়াসনা বতৰতে কুলি কেতেকীৰ মিঠা মাত আৰু চৌদিশে ৰজনজনাই থকা ঢোল-পেপা-গগণাৰ মন মতলীয়া কৰা সুৰে জনাই দিছে এয়াই ব’হাগ, এয়াই বসন্ত । বিহুৰ আনন্দত নিজকে বিলাই দিয়াৰ অনুভৱ ব’হাগে দিয়েহি আনি হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে । প্ৰকৃতিৰ এই বৈভৱৰ স’তে একাত্ম হৈ অকণমান সময়ৰ বাবে হ’লেও আমি পাহৰি যাবলৈ বিচাৰোঁ আজিৰ আধুনিক জীৱনে আনি দিয়া মানুহৰ দুখ-অশান্তি,যন্ত্ৰণা-ক্লেশ ইত্যাদিবোৰক । আহক, বসন্তৰ এই মনোমোহা বতৰত, ব’হাগ মাহেৰে আৰম্ভ হোৱা আমাৰ নৱবৰ্ষৰ শুভ মুহূৰ্তত আমাৰ মাজত থকা সকলো ধৰণৰ অসূয়া-অপ্ৰীতি,ভেদাভেদ পৰিহাৰ কৰি এক ভাতৃত্বৰ বান্ধোনেৰে আমি আটায়ে একগোট হোৱাৰ দৃঢ় সংকল্প গ্ৰহণ কৰোঁ ।

ব’হাগ মাহ বাবেই কৃষ্ণচূড়া- ৰাধাচুড়া- সোণাৰুৰ ভিন্ন ৰঙী ৰূপৰ মাধুৰী দশোদিশে। বতাহেও কয় কাণে কাণে – এয়া ঋতু পৰিৱৰ্তনৰ সময়। ব’হাগে কঢ়িয়াই আনিছে বসন্ত ঋতুৰ বতৰা। লৈ আহিছে ৰঙালী বিহুৰ মাদকতা। পুলকিত হৈ উঠিছে মন-প্ৰাণ। এয়া তেনেই স্বাভাৱিক। লেখকৰ কলমত ঋতুৰ বতৰাই নিশ্চিত ভাৱে প্ৰভাৱ পেলাবই। আমিনো কোন , তাত বাধা দিওতা ! আমাৰ এই প্ৰচেষ্টা কিমানদূৰ সফল হৈছে সেয়া আপোনালোক পঢ়ুৱৈ সকলে বিচাৰ কৰিব। কিন্তু আমাৰ এই নিৰ্ভেজাল প্ৰচেষ্টাৰ যতি পৰিবলৈ নিদিয়াকৈ আগবঢ়াই নিবলৈ আমি বদ্ধপৰিকৰ।আমি আজি গৌৰৱেৰে ক’ব পৰা হৈছোঁ যে লেখকৰ বাবে মাধ্যম কোনো বাধা হ’ব নোৱাৰে। উপযুক্ত সৃষ্টিয়ে পঢ়ুৱৈৰ সমাদৰ লভিবই।  আমি আশাবাদী, অসমীয়া ভাষাৰ প্ৰসাৰত কোনো বাধাই হেঙাৰ হ’ব নোৱাৰে।

✍জ্যোৎস্না বৰা শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)