অনুতাপ-জহিৰুল ইছলাম

©Admin
0
বোপা তুমি হয়তো নাহিবা
অপেক্ষাবোৰেও এতিয়া মেলানি মাগিছে অ' জীৱনৰ পৰা
কি কৰিম কোৱা?
পৰা হ'লে গ'লোহেঁতেন এবাৰ,
বুজিছ বোপা!
আকৌ এবাৰ বুকুত সুমুৱাই লৈ উপচাই দিলোঁহেঁতেন মৰমৰ এটি চুমা;
হৃদয় জুৰাব পৰাকৈ চালোঁহেঁতেন  
তোমাৰ মুখখনো এবাৰ; 
কিন্তু মই যে, "এতিয়া অসহায় এক জীৱন্ত লাছ"!

তোমাৰ শিশুত্বই মোৰ বৃদ্ধতাক ভেঙুচালি কৰি
কিয় বা বাৰে বাৰে সুধিছে--
এইবাবেই তোমাক গৰ্ভত ধৰিছিলোনে আন কিবা--"
মই জানো, 
জীৱনতো নহয় চিৰস্থায়ী, নহয় সুখৰো ঠিকনা
তথাপিতো কিয়বা তোমাৰ সান্নিধ্যলৈ মোৰ ইমান হেঁপাহ
ভাৱ হয়
তোমাৰ এষাৰ মাত আৰু 
অলপ সান্নিধ্য মোৰ বাবে হয়তো হ'ব হেজাৰ অসুস্থতাত সুস্থতাৰ পথ্য
নোৱাৰানে এবাৰ আহি এষাৰ মাত দি যাব?
মই যে এতিয়া মাতৃত্ব প্ৰয়াসী ভোকাতুৰ তৃষ্ণা।

✍️ জহিৰুল ইছলাম,
        গোৱালপাৰা
       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)