স্বাস্থ্য লেখা-ফিজিঅ’থেৰাপিষ্টে কৈছোঁ- নিৰোগী হ’বলৈ সজাগ হওঁক-ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

Rinku Rajowar
0
আমি প্ৰায়ভাগ ৰোগত আক্ৰান্ত হোৱাৰ কাৰণ হ’ল ৰোগ সম্বন্ধে সচেতনতাৰ অভাৱ ৷ ইয়াত অস্থি সম্বন্ধীয় কিছু ৰোগৰ পৰা কেনেকৈ সহজে আঁতৰি থাকিব পাৰি তাৰ ওপৰত আলোচনা কৰা হ’ব ৷ স্পণ্ডাইলোছিছ আমি সাধাৰণতে ভুগি থকা ৰোগবোৰৰ অন্যতম ৷ ইয়াৰ ফলত ডিঙি আৰু কঁকালত বিষ অনুভৱ কৰে ৰোগীয়ে ৷ কিছু অতি সাধাৰণ নিয়ম মানি আমি এই ৰোগৰ পৰা আঁতৰত থাকিব পাৰো ৷ শোৱা সময়ত ওখ গাৰু ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে, বেছি কোমল তুলি ব্যৱহাৰ কৰিব নালাগে, একেৰাহে বহু সময় কম্পিউটাৰ বা মোবাইল ফোন তলমূৰকৈ ব্যৱহাৰ কৰিব নালাগে , কিতাপ পঢ়োতে সঠিক উচ্চতাৰ মেজ ব্যৱহাৰ কৰিব লাগে, হঠাৎ বেছি ওজন দাঙিব নালাগে ৷ এইখিনি নিয়ম মানি চলি লগতে নিয়মীয়াকৈ কিছু ব্যায়াম কৰি আমি স্পণ্ডাইলোছিছ ৰ পৰা নিজক বচাই ৰাখিব পাৰোঁ ৷ কেতিয়াবা সামান্য বিষ হ’লেও গৰম পানীৰ সেক ললে যথেষ্ট আৰাম পোৱা যায় ৷ কিশোৰ কিশোৰী সকল আজিকালি বহু ঘন্টা ধৰি মোবাইল গেম খেলি, চোফাত শুই আৰু মডিফাইড বাইক চলাই কম বয়সতে এনে ৰোগ চপাই লোৱা দেখিবলৈ পাওঁ ৷ এইক্ষেত্ৰত সচেতন হোৱাৰ প্ৰয়োজন ৷ ইয়াৰ সমান্তৰালভাৱে বহু লোক কান্ধৰ বিষ আৰু হাতৰ জিনজিননিত ভোগা দেখা যায় ৷ এনে লক্ষণযুক্ত একাধিক ৰোগ আছে যদিও ফ্ৰ’জেন ছল্ডাৰ অন্যতম। প্ৰাথমিক পৰ্যায়ত কান্ধত সাধাৰণ বিষ অনুভৱ হয় আৰু প্ৰায়ে পিঠিৰফালে হাতখন নিব নোৱাৰা হয় ৷ এইখিনি সময়ত গুৰুত্ব নিদিয়াৰ ফলত ক্ৰমশঃ বিষে ভয়ংকৰ ৰূপ লয় ৷ এনে বিষ অনুভৱ হ’লেই ততাতৈয়াকৈ যিটো দিশত হাতখন দাঙিব বা ঘুৰাব অসুবিধা হয় সেই দিশত অকণমান বিষ সহ্য কৰি হাতৰ চলাচল বেছিকৈ কৰিলেই অন্য দৰৱ বা থেৰাপি নলোৱাকৈয়ে এই অসুবিধাৰ পৰা উপশম পাব পাৰি ৷ এই ৰোগৰ বাবেও ওজন দঙা বেয়া ৷ প্ৰয়োজনত কম ওজন দাঙি আৰু কাপোৰ ধোৱা, শালৰ কাম আদিত মহিলাসকলে কিছু সচেতন হৈ থাকি এই ৰোগৰ পৰা আঁতৰত থাকিব পাৰি ৷ বয়সৰ লগে লগে বিশেষকৈ মহিলাসকলৰ স্নায়ৱিক দুৰ্বলতা, শৰীৰত কেলচিয়ামৰ অভাৱ বা অন্যান্য কিছু কাৰণত প্ৰায়ে হাতৰ আঙুলিৰ বিষ আৰু মৃদু জিনজিননি বা কঁপনি হোৱা বুলি অভিযোগ কৰা দেখা যায় ৷ বহুতে অত্যাধিক পৰিশ্ৰমৰ কাৰণে এনে হোৱা বুলি ভাবে ৷ ইয়াৰ বাবে আঙুলিৰ ব্যায়াম কৰাটো নিতান্তই দৰকাৰ। পাচলি কটা, আটা মাৰা আদিও ব্যায়ামৰ ভিতৰতে পৰে ৷ ঠাণ্ডা লগাব নালাগে আৰু গৰমৰ দিনত বহুসময় একেৰাহে ফেনৰ বতাহ লগাব নালাগে ৷ কঁকালৰ বিষ আজিৰ সময়ৰ জটিল সমস্যাবোৰৰ এটা ৷ সাধাৰণ মাংসপেশীৰ বিষৰ পৰা আৰম্ভ কৰি ৰাজহাড়ৰ বিভিন্ন বিসংগতিৰ ফলত এই সমস্যাত যুৱক যুৱতীৰ পৰা বৃদ্ধজনলৈ ভুগে ৷ জীৱন ধাৰণৰ প্ৰণালীগত বিষংগতিয়ে ইয়াৰ মূল কাৰণ  ৷ প্ৰায়ভাগ ৰোগীয়ে কয় যে আগতে এনে সমস্যা হওঁতে চিকিৎসকে নিয়মীয়াকৈ ব্যায়াম কৰিব দিছিল আৰু বিশেষ কিছু নিয়ম মানি চলাৰ পৰামৰ্শ দিছিল আৰু সেইমতেই আৰোগ্যও লাভ কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত বিষ কমি যোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শবোৰ মানি চলা নাছিল ৷ কঁকালৰ বিষ এবাৰ হ’লে চিকিৎসকৰ পৰামৰ্শ দীঘলীয়া সময়ৰ বাবে মানি চলিব লাগিব, সেইখিনি অভ্যাসত পৰিণত কৰিব পাৰিলে বেছি লাভবান হব ৷ লগতে ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শমতে ব্যায়ামসমূহ নিয়মিত কৰিবই লাগিব ৷ কাৰণ আজিৰ সময়ত কৰ্তব্য আৰু দায়িত্বৰ তাড়নাত কিছু নকৰিবলগীয়া কামো হয়তো আমি কৰি থাকিব লগা হয় ৷ গতিকে কঁকালৰ বিষত শয্যাশায়ী হোৱাতকৈ দিনটোৰ আধাঘণ্টা এটা ব্যায়ামৰ নামত দি নিৰোগী হৈ থকাই ভাল, অৱশ্যে নিজৰ খেয়াল খুচি মতে বা ইন্টাৰনেটক সম্পূৰ্ণ ভৰষা নকৰি চিকিৎসকৰ পৰামৰ্শমতে আগবঢ়া ভাল ৷ অত্যাধিক গাড়ী বা বাইক চলোৱা, অনভিজ্ঞ লোকৰ তত্ত্বাৱধানত জিম কৰা, বেছি কোমল বিচনাত শোৱা, ওখ জোতা চেণ্ডেল ব্যৱহাৰ কৰা আদিয়ে কঁকালৰ সমস্যাৰ প্ৰধান কাৰণ ৷ যিকোনো কঁকালৰ বিষৰ ব্যক্তিৰ বাবে কঁকালত ব্যৱহাৰ কৰা লাম্বাৰ বেল্ট এবিধ অতি প্ৰয়োজনীয় আহিলাঁ ৷ ই ৰাজহাড়ক প্ৰকৃত গঢ়াত ৰখাত সহায় কৰাৰ লগতে ৰোগীৰ বাবে বিশেষ সংকেতকৰ ভূমিকা লয় ৷ তলত বহা, সন্মুখৰ ফালে হাওলা আদি কঁকালৰ বিষৰ ৰোগীৰ বাবে খুব বেয়া ৷ দৈনন্দিন জীৱনত এইবোৰ কথা পাহৰি যাওঁ বাবেই আমি প্ৰায়ে কঁকালৰ সমস্যাত আক্ৰান্ত হওঁ ৷ লাম্বাৰ বেল্টে এই কথা মনত পেলাই দিয়াত সহায় কৰে, তেনে কিবা কৰিব ললেই কঁকালত জোৰ পৰে আৰু আমি লগে লগে সজাগ হব পাৰো ৷ অত্যাধিক চিৰি বগোৱা, বহুসময় একেটা ভাগতে থিয় হোৱা বা বহি থকাও কঁকালৰ বিষৰ বাবে বেয়া ৷এইক্ষেত্ৰত আমি সচেতন হব লাগে ৷ মহিলাসকলে ঘৰ সৰা মোচা কৰোঁতে আজিৰ সময়ত ওখ জাড়ু বা ঘৰমোচা সজুঁলি ব্যৱহাৰ কৰা উচিত । বহুতেই ধৰ্মৰ নিয়মৰ দোহাই দি মন্দিৰ মচজিদ বা নামঘৰ আদিত তলত বহি বা আঠুকাঢ়ি বহুত সময় কটায় ৷ বিষত ভুগী থাকিলে তেনে নকৰিব ৷ তাৰ সলনি ভাল কুচন, মুঢ়া আদিত বহি ঈশ্বৰৰ প্ৰাৰ্থনা কৰক ৷ নহলে হিতে বিপৰীত হব ৷ কঁকালৰ বিষৰ লেখীয়া আঁঠুৰ বিষেও আমাক বহু সমস্যাত পেলায়। বাতবিষ এনে সমস্যাৰ প্ৰধান কাৰক ৷ আঠুকাঢ়া ,তলত বহা, চিৰি বগোৱা আদি কাম কমকৈ কৰি আমি আঁঠুৰ বিষ কমাই ৰাখিব পাৰোঁ। সমান্তৰালভাৱে গৰম পানীৰ সেক আৰু ’নি কেপ’ ব্যৱহাৰ কৰিও সুফল পোৱা যায় ৷ চাইকেল চলোৱা, খোজ কাঢ়া আদি ভাল যদিওঁ অভিজ্ঞ জনৰ পৰামৰ্শ লোৱা উচিত ৷ ইংলিছ কোমড্‌  ব্যৱহাৰ কৰিব পাৰিলে ভাল ৷ আঁঠুৰ ব্যায়াম কৰা উচিত আৰু সম্ভৱস্হলত বিষৰ দৰৱ ব্যৱহাৰ নকৰাই মংগল ৷ বেছি সময় খোজ কাঢ়িব লগা হ’লে বা থিয় দি থাকিব লগা পৰিস্থিতি হ’লে "নি কেপ" ৰ লগতে কোমল জোতা  ব্যৱহাৰ কৰিব লাগে ৷ গৃহিণী সকলে যিহেতু আজিকালি প্ৰায়ে থিয় হৈয়ে পাকঘৰত ৰান্ধে গতিকে কামৰ মাজতে কিছু সময় বহি আঁঠুদুটাক জিৰণি দিব লাগে ৷ এনেবোৰ সমস্যাৰ অন্যতম গোৰোহাৰ বিষ ৷ পুৰুষ মহিলা উভয়ে এই ৰোগত আক্ৰান্ত হয় যদিওঁ মহিলাৰ সংখ্যা বেছি ৷ পেশীৰ জঠৰতা, হাড় বৃদ্ধি হোৱা আদি অনেক কৰণত এনে বিষ হব পাৰে ৷ খালী ভৰিৰে খোজ কাঢ়াৰ অভ্যাস, গোৰোহাত দুখ পোৱা (গৰু ছাগলীৰ খুটি পথাৰৰ টান মাটিত গোৰোহাৰে পুতি বিষত আক্ৰান্ত হোৱা বহু ৰোগী   দেখিছোঁ) , হাই-হিল চেণ্ডেল আদিৰ ব্যৱহাৰৰ ফলত প্ৰায়ে এই বিষ হয় ৷ গতিকে কোমল জোতা চেণ্ডেল পিন্ধি, সেক লৈ, ব্যায়াম কৰি আমি এনে সমস্যাৰ পৰা ৰক্ষা পাব পাৰোঁ ৷ যদিও আৰাম্ভণিতে আলোচনা অকল অস্থিৰোগতে সীমাবদ্ধ থাকিব বুলি কৈছোঁৱেই তথাপিও সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি দুটামান কথা উনুকিয়াওঁ ৷ ক’ৰ’ণা অতিমাৰীৰ প্ৰকোপ পুনৰ আৰম্ভ হৈছে ৷ ইতিমধ্যেই আমি আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াই ৰখাৰ বাবে ব্যায়ামৰ ভূমিকা কি গম পাইছোৱেই ৷ বিগত এটা বছৰে ইয়াৰ ওপৰত বিশেষজ্ঞ সকলে আমাক বিধান দি আহিছে ৷ গতিকে দৈনিক ক’ভিড প্ৰট’কল মানি কিছু ব্যায়াম কৰাৰ অভ্যাস কৰক ৷ উশাহ নিশাহ সম্বন্ধীয় ব্যায়ামৰ ওপৰত গুৰুত্ব বেছিকৈ দিব ৷ এটা দিশত চকু ৰাখিব যাতে আপুনি কৰা কোনো ব্যায়ামে আপোনাৰ শৰীৰৰ পেশী আৰু  সন্ধিৰ ওপৰত প্ৰয়োজনাধিক চাপৰ সৃষ্টি নকৰে ৷
সদ্যহতে ইমানেই ৷ মুঠতে চিকিৎসকৰ পৰামৰ্শৰ লগতে আমি নিজে সজাগ হ’লে বহু ৰোগে আমাক বাৰে বাৰে কষ্ট দি থাকিব নোৱাৰে ৷ ই শাৰিৰীক মানসিক আৰু আৰ্থিক আটাইকেইটা দিশতে আমাক চহকী কৰি ৰাখিব ৷ ইয়াৰ সমান্তৰালভাৱে আমি সঠিক খাদ্যাভাস গঢ়ি তোলাতো গুৰুত্ব দিব লাগে ৷

🖋️ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
  (ফিজিঅ’থেৰাপিষ্ট)
ফিটনেচ পাৰ্ক, কলেজ ৰোড নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)