প্ৰত্যাশা~জহিৰুল ইছলাম

                    
খৰাঙত ঠৰঙা গছজোপা জী আছে কোনোমতে,
ব'হাগ আহিলেই বৰদৈচিলাত জীপাল কৰিব ঠৰঙা দেহা।

এটা যুগ 
দৈন্যতাৰ ধুমুহাই 
কাঢ়ি নিয়া সতেজতা 
ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতিত তন্ময় ।

চিৰালফটা ছাল 
টপ-টপ বৰষুণে আলফুলে পূৰাব তৃষ্ণা দেহাৰ
 ভাজত শেলুৱৈ ধৰা দাগ।
ক্ৰমাত নিঃশেষ হ'ব, ল'ব নতুন ৰূপ।

       
                 🖋️জহিৰুল ইছলাম
                    

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send