এগালমান শব্দ
বুটলি আনিলোঁ।
সিঁচি দিলোঁ
শুভ্ৰ বিশাল
মুক্ত আকাশত।
ভাৱিছিলোঁ, অৰ্থহীন
মোৰ শব্দবোৰ
আকাশ চুব পাৰিব জানোঁ?
কিন্তু দেখিলোঁ
অৰ্থহীন লগা শব্দবোৰ
এমুঠি জোনাক হৈ নিগৰিছে।
✍ধৃতাশ্রী বৰ্মন
কৈঠালকুছী, নলবাৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ