কৰুণা মহামাৰী-দিপশিখা ৰাজকোঁৱৰ

©Admin
0

গোটেই বিশ্বজুৰি এতিয়া
মহামাৰী কৰুণাই ভৰি পৰিছে,
এই ভাইৰাছৰ কোনো প্ৰতিষেধক উলিয়াব নোৱাৰি
চিকিৎসা বিজ্ঞানে হাৰ মানিছে।
সাৱধান সজাগতাৰে সকলোৰে জীৱন ৰক্ষা কৰা
চৌদিশ যেন এতিয়া 
মৰিশালী হ'ল
কেৱল কৰুণা ভাইৰাছৰ বাবে।
হাচি  ,কাহ জ্বৰ হ'লে
নিঃসংকোচে চিকিৎসকক দেখাবা
বাহিৰলৈ ওলাই গ'লে
মাৰ্ক্স,চেনিটাইজাৰ ব্যৱহাৰ কৰিবা।
চৰকাৰে হয়তো বুজা নাই 
কিমানৰ চিকিৎসাৰ অভাৱত
জীৱন গৈছে
কেৱল কৰুণা ভাইৰাছৰ বাবে।
যাৰ কোনো প্ৰতিষেধক নাই;
সমল মাথোঁ সাৱধান সজাগতা।
আজি যেন  মৌন হৈ ৰল পৃথিৱী
কেৱল কৰুণা ভাইৰাছৰ বাবে।
যাৰ দেহত কৰুণা ওলাইছে
তেওঁ কেৱল মৃত্যুৰ ক্ষণ গণিছে;
দিনে দিনে বাঢ়িছে মৃতকৰ সংখ্যা।
আপোনজনক হেৰুৱাৰ বেদনাত
কিছুলোক হৈ পৰিছে বৰ অকলশৰীয়া।
তেওঁলোকৰ চকুলোৰ মূল্য
কোনোবাই জানো দিব পাৰিব
বিচাৰিলেও জানো মৰমৰ
মাত এষাৰ পাব ।
কাৰণ কোননো যাব
কৰুণা ভাইৰাছৰ ভয়ত
অকণমান সহানুভূতি দিবলৈ!
বৰ অসহায় লাগে
কথাবোৰ ভাবিলে।
কেতিয়ানো পুনৰ চৌদিশ
পোহৰ হ'ব নাজানো
এনেদৰেই যদি থাকে
আমাৰ জীৱন কি হ'ব?
আমাৰ সপোনবোৰ কি 
আধৰুৱা হৈ ৰব.........
এই প্ৰশ্নৰ উত্তৰ বিচাৰি
হাবাথুৰি খাঁও মই ।।


✍🏻দিপশিখা ৰাজকোঁৱৰ।
     একাদশ শ্ৰেণী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)