অসমীয়া সংস্কৃতিৰ তামোল- পাণ এক অবিছিন্ন অংগ। তামোলৰ মোল নুবুজা অসমীয়া অতি বিৰল। এখনৰ পিছত আন এখনকৈ তামোল মুখত সোমাই মোকোৰা ভৰাই নল'লে হেনো অসমীয়াৰ কথাৰেই জুতি নুঠে।
চেনেহৰ ৰঙালী বিহুটিৰ কথা কৈয়ো ওৰ পেলাব নোৱাৰি। তামোল- পাণে বিহুগীতৰ ক্ষেত্ৰখনতো এক বৃহৎ অংশ অধিকাৰ কৰি আহিছে। বিহুগীতত তামোলৰ মোল অবুজা জনক এনেদৰে বিদ্ৰুপ কৰি কৈছে--
"ক'ৰ পৰা পালাহি দেৱা খোৱাতো
তামোলৰ নাজান মোল।"
পুৰণি কালৰ পৰাই অসমীয়া সামাজিক আৰু সাংস্কৃতিক জীৱনৰ লগত তামোল- পাণৰ যি সম্বন্ধ বিহুগীতসমূহতেই তাৰ প্ৰমাণ পোৱা যায়। তামোল- পাণেৰে অসমীয়াই মিতিৰ পাতে। আলহী- অতিথিক তামোলখনেৰেই আদৰ- সাদৰকৈ সোধপোছ কৰে। ভাত খোৱাৰ পিছত মুখসুদ্ধি কৰে তামোল খনেৰেই।গুৰু- গোসাঁইকো সেৱা- সৎকাৰ কৰি গুৱাপাণ আগবঢ়োৱা নিয়ম আছে। ৰাইজৰ আশীৰ্বাদ বিচাৰোঁতেও শৰাইত তামোল- পাণ আগবঢ়াইহে আঠু লোৱা নিয়ম।
অসমীয়া সমাজ জীৱনৰ অতি আদৰৰ, অতি চেনেহৰ তামোল- পাণ- নাৰিকলৰ বাৰীখন। বিহুগীতত ইয়াৰ চিত্ৰ এনেদৰে প্ৰকাশ পাইছে --
"আগবাৰী শুৱনি ককিনী তামোল ঐ
পিছবাৰী শুৱনি পাণ,
বৰঘৰ শুৱনি জীয়াৰী ছোৱালী
উলিয়াই দিবলৈ টান।"
অসমীয়া ডেকা- গাভৰুৰ প্ৰণয় প্ৰীতিতো তামোল- পাণে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।ফুলৰ দৰে তামোল- পাণো প্ৰেম- প্ৰীতি নিবেদনৰ প্ৰতীকস্বৰূপ। প্ৰেমিক- প্ৰেমিকাই পৰস্পৰে পৰস্পৰক যুৰীয়া তামোল যাচে আৰু তাৰ জৰিয়তে প্ৰেম নিবেদন কৰে।
বিহুগীতত তাৰ বিবৰণ এনেদৰে পোৱা যায়--
"কিনো তামোলখনি দিলা মোৰ মইনা
অতি চেনেহেৰে খালোঁ,
"সেইনো তামোলখনি খাবৰে পৰা ঐ
তোমাৰ লগত চিনাকী হ'লো।"
অসমীয়া লোক সমাজৰ হিয়াৰ আমঠু এই তামোল- পাণ খোৱাৰ লগতে প্ৰচীন অসমীয়া মানুহৰ ধৰ্মান্ধতা আৰু অন্ধবিশ্বাসৰ নিৰ্দেশনো পোৱা যায়। উচ্চ সম্প্ৰদায়ৰ লোকে হীনকুলীয়া মানুহৰ ঘৰত অন্নগ্ৰহণ নকৰাৰ দৰে তামোল- পাণো গ্ৰহণ নকৰে, কাৰণ জাত যায়।ইয়াৰ বৰ্ণণা কৰিছে এনেধৰণে--
"তোমাৰ কটা তামোল নাখাওঁ ঐ লাহৰী
আমাৰে মাৰিব কুল ।
অজাতি নহওঁ মই বিজাতি নহওঁ মই
তোমাৰ মোৰ একেটি কুল।"
ঘৰৰ মানুহে প্ৰিয়জনলৈ বিয়া নিদিয়াত আঁকোৰগোজ হৈ থকাত গৃহস্থই মাৰি পিটি ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ বিৰহতো প্ৰেমিকাই তামোলক এৰিব পৰা নাই।
"আয়ে মাৰিলে ডাঙি বাৰী ভাঙিলে
ঘৰতো নিদিলে ঠাই
আমি দুয়োজনী ফুৰোঁ বাটে বাটে
গাঁঠিৰ কটা তামোল খাই।"
ইয়াৰ উপৰিও আৰু অনেক বিহুগীত আছে য'ত তামোল- পাণৰ বিভিন্ন বৰ্ণণা পোৱা যায়।
"ৰঙাকৈ গামোচা মাজে খেল দিয়া
তুমি তামোল কটি যোৱা
লাহৰী হাতেৰে থুৰিয়াই থুৰিয়াই
আমাকো এখনি দিয়া।"
এইদৰে বিহুগীতত তামোলখনিৰ মাজেদিয়েই প্ৰমিক - প্ৰেমিকাৰ মনৰ সুখ- দুখ, আশা- আকাংক্ষা, হাঁহি- কান্দোন, ব্যৰ্থতা, হুমুনিয়াহ আৰু প্ৰণয়মধুৰ যৌৱনৰ আবেগ, উন্মাদনা আদিৰ মনস্তাত্বিক চিন সুন্দৰকৈ প্ৰস্ফুতিত হৈ আহিছে। অকল বিহুগীতেই নহয়, অসমীয়া সামাজিক, সাংস্কৃতিক, ধাৰ্মিক আৰু লৌকিক জীৱনৰ লগতো তামোল- পাণৰ অনাবিল সম্পৰ্ক আদিকালৰ পৰাই চলি আহিছে আৰু চলি থাকিব।
✒️কাকলি বৰ্মন
চামতা, নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ