মৰম~অলকেশ খাটনিয়াৰ

©Admin
0
আজি ৰাজৰ দেউতাকে তাৰ বাবে
এজনী নতুন মাক আনিছে। কাৰণ ৰাজৰ মাকৰ ভৰা আজি ছমাহ হ'ল। দেউতাকৰ বিয়া পাতিবলৈ মন নাছিল। কিন্তু কামৰ তাগিদাত বাহিৰত গৈ থাকিব লগা হয় বাবে বিয়াখন পাতিবলৈ মান্তি হয়। বিয়াখন পতাৰ কেইদিনমানৰ পিছত তেওঁ কামৰ তাগিদাত বেলেগ ঠাইলৈ যাব লগা হয়। সেয়ে ৰাজৰ সকলো দায়িত্ব মাহীমাক অনন্যা হাতত অৰ্পণ কৰে। দেউতাক যোৱাৰ পিছতেই মাহীমাকৰ আচল ৰূপ দেখি ৰাজৰ বহুত ভয় খাইছিল। কাৰণ মাহীমাকে তাক কথাই কথাই এচাৰিৰে কোবাই। এদিনাখন ৰাজেশ স্কুলৰ পৰা আহি দেখে যে মাহীমাক বিচনাত শুই আছে। সি মাহীমাকক এবাৰ দুবাৰো মাৰিলে। কিন্তু কোনো মাতবোল নাই। সেয়ে সি মাহীমাকৰ হাতখন চুই চায়। হাতখন তেতিয়া 
জুইৰ দৰে তপত হৈ আছে। সি লগে লগে তেওঁলোকৰ ওচৰত চুবুৰীয়া চিকিৎসক শৰ্মাক মাতি আনে। শৰ্মাই ভালদৰে চাই মেলি ঔষধ-পাতি দি মাকক ভালদৰে চোৱা-চিতা কৰিবলৈ দিয়ে। সেয়ে সি মাকৰ মূৰত পানী ঢালি-ঢালি চকীতে শুই পৰিল। প্ৰায় ৰাতি আঠ বজাত মাহীমাকে জ্বৰ কমাত টোপনিৰ সাৰ পায়। তাৰ পিছত পানী আৰু ঔষধ খিনি দেখা পাই। সকলো কথা বুজি পাই। তেতিয়া ৰাজেও সাৰ পায়। মাহীমাকক ঔষধ খিনি খাবলৈ দিয়ে। তেতিয়া মাহীমাকে ৰাজক সাৱটি ধৰিব কান্দিব ধৰে আৰু আগৰ বেয়া আচৰণৰ বাবে ক্ষমা খোজে। তাৰ পিছৰেপৰা ৰাজক মাহীমাকে গাত টোপ এটা পৰিবলৈও নিদিয়া হ'ল। তাৰ পিছত ৰাজে মাহীমাকৰ পৰা মৰম বিচাৰি হাবাথুৰি খাব লগা নহ'ল আৰু।


✍️ অলকেশ খাটনিয়াৰ
     জিলা-বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)