মোৰ আপোন মানু্হ জনীলৈ বুলি-হুমায়ুন কবিৰ

সেইটো হয়তো তুমিও ভালকৈয়ে জানা!
কিমান যে ভালপোৱা
হৃদয়ত গুজি ৰাখিছো 
মাথো তোমাৰ বাবে, 
কিন্তু সকলো জানিও নাজানা,
সকলো বুজিও নুবুজা,
নিজৰ মনৰ ভয়ত 
হৃদয়ৰ কথাবোৰো নোকোৱা, 
মই কিন্তু তথাপিওঁ তোমাক
পাগলৰ দৰেই ভালপাই যাম।
তোমাৰ বেনাম চহৰখনত
এক অচিন যাত্ৰী হৈ জীৱন কটাম, 
তোমাৰ পৰা দূৰত থাকিও মই 
চিৰ জীৱন তোমাৰ ছাঁয়া হৈ ৰম। 

জানো তুমি হয়তো মোক ভালেই নোপোৱা
কিন্তু তথাপিওঁ জীৱনৰ প্ৰায় সকলো সময় 
মই তোমাৰ লগতে কটাব খোজো , 
তোমাৰ জীৱনৰ সকলো বোজা 
নিজৰ কান্ধত ৰাখি, তোমাক আজীৱন সুখী কৰিব খোজো। 
কিন্তু মই এইটোও নাজানিম
কেতিয়ানো আমি লগ হম, 
তথাপিওঁ তোমাক ভালপাই ৰম,
হৃদয়ৰ সকলো তোমাত ৰেহান দি থম, 
মৃত্যুৰ আগমুহূর্ত লৈকে।।
           
         ✍️ হুমায়ুন কবিৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send