বহাগৰ বতৰা-পূৰ্ণেশ্বৰী বৰুৱা

©Admin
0
হেতুলুক, হেতুলুক, হেতুলুকাই
শেওঁতা ফালি অহা, বাটেৰে পছোৱা হাতৰ মুঠিৰে,
মুঠি মুঠিকৈ ছটিয়াই
আহিছিলা ধূলিৰ ফাকুৰে ধূসৰিত কৰি,
প্ৰেম বলিয়া ফাগুন তুমি।
শিমলু , পলাশ, মদাৰৰ
ৰঙৰ বোলৰ 
বুলনিৰ পৰশত
লঠঙা প্ৰকৃতিও উঠিল ঠন ধৰি।
পোখা মেলা আলফুলীয়া কুঁহিপাতৰ
আঁৰ লৈ
লাজুকী কুলিজনীয়ে কুউ, কুউ কৰি
আপোন পাহৰা হৈ
মৌ বৰষা গীত জুৰি 
দিলেহি বতৰা বহাগ অহাৰ।
পদূলিৰ মুখত নাচনীক দেখি
চতুৰ চ'তেও নাথাকিলে ৰৈ
ৰংমনেৰে ঢাপলি মেলি গ'ল বিচাৰি,
কপৌফুল আনিব বুলি।
দিবহি যে আনি
বিহুৱতী নাচনীৰ খোপাতে গুজি। 

      ✍️পূৰ্ণেশ্বৰী বৰুৱা,নুনমাটি
       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)