বহাগ তোমাক স্বাগতম-কবিতা~ধৃতাশ্রী বৰ্মন

©Admin
0
বহাগ তোমাক জনাও স্বাগতম 
   দুহাতত জেতুকা বোলাই 
     আবেলিৰ সূৰুযৰ দৰে 
       ৰঙীন কৰিব খোজো মোৰ জীৱন।        

বহাগ তোমাক জনাও স্বাগতম 
 তোমাৰ বুকুৰ কপৌফুল পাহ
   মোৰ খোপাত পিন্ধি 
     আদৰিব খোজো ন প্রভাতক।

বহাগ তোমাক জনাও স্বাগতম 
 ৰিহা সাজযোৰ পিন্ধি 
   এপাক বিহু নাচি 
     হব খোজো মই তোমাতেই  মগন।

বহাগ তোমাক জনাও স্বাগতম 
  তাঁতশালত চেনাইলৈ বুলি 
   গুটি ফুলৰ গামোচাখন বৈছো      
      পদূলিলৈ চাওঁ চেনাই আহিব   বুলি। 

বহাগ তোমাক জনাও স্বাগতম 
  ৰৈ আছোঁ জপনা মুখত তোমালৈ 
     তোমাৰ বুকুতে আছে 
       মোৰ হেজাৰ সপোন। 

বহাগ তুমি আকৌ আহিলা
 কুলিৰ হিয়াভৰা সুৰ 
   ঢোলৰ গুমগুমনি আৰু 
      পেপাৰ লহৰ লৈ। 

উফ্ ৰাম, আৰু যে কত কি!
 মুঠতে চৌপাশ উদুলি মুদুলি 
   তাতে আকৌ মোৰ মন বাউলী! 

আমি অসমীয়া বিহুতে বলিয়া 
  নাচনী মই বহাগী 
   চেনাই মোৰ ঢুলীয়া
 বিহুৱে আমাৰ প্রাণ।  
     
    🖋️ ধৃতাশ্রী বৰ্মন, নলবাৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)