নিৰুদ্দেশ-অনুগল্প~বিভা মহন্ত

নিৰ্বাচন শেষ হোৱাত এছ.পি. বাবুল চেতিয়াই  অৱসৰ বিনোদনৰ বাবে গোৱালৈ ফুৰিবলৈ গ'ল...তেওঁ থকা  হোটেল খনতে কৰ্মৰত হৈ থকা লৰা জনৰ ওপৰত অনুসন্ধিৎসু মনতোৰ সন্দেহ  উপজিল ,কাৰন মূখৰ অৱয়ব টো যেন  বিচাৰি ফুৰা পংকিল ডেকাৰ...মেধাৱী পংকিলেও  ইংৰাজীত পাকৈত বাবে এছ.পি.বাবুল চেতিয়াৰ পৰা কৌশলেৰে আতঁৰি আহিল...নিশা পংকিলে এখন চিঠি লিখি এছ.পি.বাবুল চেতিয়া  থকা হোটেলৰ কোঠাৰ টেবুলত  থৈ আহিল..... পংকিলে চিঠিৰে জনালে যে , "  হয়!  আপুনি বিচাৰি ফুৰা পংকিল ময়েই...সংগঠনৰ কামত মই আত্ম গোপন কৰি আছো
চিঠিখন পাই এছ.পি.চেতিয়া শিল পৰা কপৌৰ দৰে বহু সময় থৰ হৈ থাকিল.....কিয়নো ওচৰতে পংকিলক পায়ো কৰায়ত্ত কৰিব নোৱাৰি নিজকে ধিক্কাৰ দি  কিংকৰ্ত্তব্য বিমুঢ় হৈ সাগৰৰ  ঢৌৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে.............।


🖋️বিভা মহন্ত 
     নগাওঁ


        

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send