এনেকৈ নিদিবা মোক অন্তিম বিদায় ০৫~মিন্টু দোলাকাষৰীয়া

©Admin
0
          
                  " মোক কোনোৱেও  নুবুজে । তুমিও বুজিবলৈ প্ৰয়াস নকৰা নিৰ্জুমণি । মই নিজেও বুজি নাপাওঁ , মই কিয় দুৰ্ভগীয়া । সুখৰ পৰিৱৰ্তে কিয় নিতৌ যন্ত্ৰণা পাওঁ । যন্ত্ৰণাৰ সাগৰত কিয় সদায়  ডুবোঁ । মোক তুমিও নুবুজিলা , পৰিয়ালৰ লোকেও নুবুজে । মই বৰ অকলশৰীয়া অ' । মই বৰ অকলশৰীয়া । তুমি কৈছিলা --মই কান্দিলে বেয়া দেখে , কিন্তু মোৰ জীৱনৰ ৰঙবোৰৰ কথা নাজানা । আজি মই ইয়াত হিয়াখনক সাৱটি কান্দিছোঁ  , মই বহুত কষ্ট পাইছোঁ অ' নিৰ্জুমণি , মই বহুত কষ্ট পাইছোঁ , বহুত কষ্ট । চোৱা , মোৰ গাল দুখন । চোৱা --কেৱল লোতক আৰু লোতক । এই লোতকক মুঁচিবলৈ ইয়াত কোনো নাই । আছোঁ  অকল মই আৰু মোৰ বুকুত খুন্দিয়াই থকা যন্ত্ৰণাবোৰ । মই পাগলৰ দৰেই কান্দিছোঁ ,চোৱাঁ পাগলৰ দৰেই জনশূন্যত অকলে অকলে কথা পাতিছোঁ । মোৰ কোনো আপোন নাই । মোক হিয়া ভৰাই মৰম দি কোনোৱে নামাতে ।  কিন্তু  মাতিছিলা তুমি । চোৱাঁ মই কিমান দুৰ্ভাগ্য , পাইয়ো তোমাক হেৰুৱাইছোঁ । মোৰ চাগে জীৱনৰ ক্ষণবোৰত সুখৰ বন্তি জ্বলাই  উশাহ-নিশাহ চলাই নিব পৰা সেউজ পল নাই । 
            তোমাক বহুত কথাই নক'লোঁ , হয়তো কোৱাহেঁতেন তুমিও মোক ঘৃণ কৰিলাহেঁতেন । মোক  তোমাৰ মৰমবোৰ নিদিলাহঁতেন । মই নক'লোঁ , তোমাক মোৰ বেদনাৰে ভৰা জীৱনটোৰ বিষয়ে । সৰুৰে পৰা মা-দেউতা , পৰিয়াল -পৰিজনৰ পৰা নোপোৱা মৰম-চেনেহবোৰ তোমাৰ পৰা  পাইছিলোঁ । বেদনাবোৰ মচি গৈ সুখী  মনৰ গৰাকী হৈছিলোঁ ।কিন্তু -------- চোৱাঁ না চোৱাঁ , আজি আকৌ আগৰ চকুলো নিজৰাই দুগালক গ্ৰাহ কৰি পেলাইছে । 
       মই জানোঁ , তুমি তোমাৰ মা-দেউতাৰ আলসৰ লাড়ু । কিন্তু মই মোৰ দেউতাৰ  কালশত্ৰু । নাজানোঁ , মোক দেউতাই কিয় ইমান ঘৃণ কৰে ; কিয় নিকৃষ্টমানৰ আচাৰ-ব্যৱহাৰ কৰে । মোৰ মা , মোতকৈও দুৰ্ভাগ্যৱৰ্তী । নিজৰ সন্তানক নিজৰ কাষত থাকিও মৰম -চেনেহ কৰিব নোৱাৰা মাতৃ গৰাকীতকৈও কোন দুৰ্ভগীয়া হ'ব পাৰে । মহাভাৰতৰ কৰ্ণৰ মাতৃ কুন্তীতকৈও বহু গুণে দুৰ্ভগীয়া । " ----- পথাৰৰ  আলি এটাত দীঘল দি পৰি ওপৰলৈ মুখখন কৰি আকাশখনলৈ চাই চাই  চিঞৰি চিঞৰি কান্দি কান্দি কথাবোৰ কৈ কৈ মনত শান্তনা ল'লোঁ ।  বহু পৰৰ পাছত  নকন্দাকৈ গৈ পথাৰৰ মাজত থকা এটা নেপকুৰ কাৰেণ্টৰ খুঁটাৰ ওপৰত উঠি থাকিলোঁ । ওপৰৰ পৰা গৰুকেইটালৈ চাই পঠিয়ালোঁ । দেখিলোঁ  সুন্দৰকৈ চৰি আছে । মনটোক বুজাবলৈ পুনৰ প্ৰয়াস কৰিলোঁ । বিবেকে মনটোক বুজনি দিলে যে বাদ দিয়া এইবোৰ । মনটোৱে বেদনাৰ বিচনাখনত  শোলে ।  এবাৰ দুবাৰ মনটোৱে কয় --নহ'লে মই  ইয়াৰ পৰা জাঁপ মাৰি একেবাৰে শেষ হৈ যাওঁ নেকি  ?  কিন্তু বিবেকে কয় লাভ নাই । বিনিময় হিচাপে তুমি সুখ নোপোৱা  , বৰ্তমানৰ দুখতকৈও অধিক দুখহে পাবা । যদি পৰি দি মৃত্যু নহৈ  হাত-ভৰি ভঙাকৈ আঘাত প্ৰাপ্ত হোৱা তেন্তে তোমাক কোনে শুশ্ৰূষা কৰিব । এতিয়াতকৈও অধিক যন্ত্ৰণা পাবা । 
      কথাবোৰ দ কৈ ভাবি চালোঁ । অৱশেষত আত্মহত্যাৰ প্ৰতি থকা ধাৰণাটোক বাদ দিলোঁ । কাৰেণ্ট খুঁটাৰ পৰা নামি আহি চৰি থকা গৰুকেইটাক খুঁটিৰ পৰা ৰচিবোৰ খুলি খেদি আনি ঘৰত পালোঁহি ।
        সন্ধিয়া পৰত ঘৰত উপস্থিত হোৱা হেতুকে সৰু বাইদেউৱে সুধিলে ," কি হ'ল ? আজি গৰুকেইটা আনোঁতে ইমান ডেৰি হ'ল যে ? ক'ত সোমাই আছিলি ? গোহালিত নিজৰ নিজৰ খুঁটিত গৰুকেইটা বান্ধি থৈ আহগৈ । " 
" গৰুকেইটা ইফালে -সিফালে দৌৰিছিল। সেইবাবে পলম হ'ল । " ------মিছা কথাৰে বাইদেউৰ প্ৰশ্নৰ উত্তৰ দিলোঁ । বাইদেউৰ হাতত এটা বন বিস্কুতৰ পেকেট আছিল । পেকেটটো দেখি পটে কলকলাইছিল আৰু  ভুকাতুৰ মনে খাবলৈ মনস্থ কৰিছিল । মই ভাবিছিলোঁ , বাইদেউৱে বন এটা খাবলৈ দিব । কিন্তু "ভবা কথা নহয় সিদ্ধি , বাটত থাকে কণা বিধি "  -বুলি কোৱা প্ৰবচনৰ কথাই খাটিল । বন খাবলৈ পাম বুলি আশাৰে গৰুকেইটা গোহালিৰ খুঁটিত  বান্ধি , হাত-ভৰি ধুই ভিতৰলৈ আহিলোঁ । দেখিলোঁ যে বাইদেউৱে ভাইটিৰ লগত বহি ইতিমধ্যে বনবোৰ খাই শেষ কৰিলে । মনত বৰ দুখ লাগিল । নিশাৰ পৰা গধূলীৰ পৰ্যন্ত পানীৰ বাহিৰে পেটত একো পৰা নাছিল । ভাবিছিলোঁ , এটুকুৰা হ'লেও  বন খাবলৈ পাম । পেটটোৱে অলপ শান্তনা পাব । কিন্তু আশাত চেঁচা পানী পৰিল ।
       লাহেকৈ জ্যেষ্ঠ বাইদেউৰ কাষলৈ গৈ ক'লোঁ--" বাই , ভোক লাগিছে । খাবলৈ কিবা পাম নেকি ? গাটো বৰ ভাগৰ ভাগৰ , দুৰ্বল দুৰ্বল লাগিছে । কালি গধূলিৰ পৰা এতিয়ালৈকে পেট ভৰা একো বস্তুৱেই  খোৱা নাই ।" 
" নাই , পুৱা তোলৈ বাঢ়ি থোৱা ভাতখিনি লেলাই খাই পেলালে । একোৱেই নাই খাবলৈ । ভাতৰ চৰুটো সোনকালে পাতিবলৈ চাউলো নাই । বাবাই বজাৰলৈ গৈছে , সি চাউল আনিলেহে ভাত বনাব পাৰিম । হ'ব দে  অলপ সময় এনেদৰে থাক । ঠাণ্ডা পানী দুগিলাচ মান খাই ল'  । যা , বাবা নহাৰ আগতে অলপ পঢ়ি ল' গৈ। সি আহিলে আঁতৰি থাকিবি । আগত ওলাই নাথাকিবি । যা , পঢ়িলেহে ডাঙৰ মানুহ হয় , নপঢ়িলে আজিৰ দৰেই মাটিৰ মানুহ হৈ থাকিব লাগিব ।"---- কথাবোৰ কওঁতে বাইদেউৰ চকুযুৰি নয়নাশ্ৰুৰে জলজলীয়া হৈ পৰিছিল । বাইদেউৱে অসীম ধৈৰ্যৰে কথাবোৰ কৈ গৈছিল । মোৰ মনটোৱে বাইদেউক কন্দুৱাব খুজা নাছিল । বাইদেউৰ হৃদয়ৰ বেদনাৰ ঢৌৰ কোববোৰে বাইদেউক কেনে পৰিস্থিতিত ৰাখিছিল ,তাক এক কল্পনাৰে মই অনুতাপ কৰিছিলোঁ । মই বাইদেউৰ ওচৰৰ পৰা আঁতৰি আহিলোঁ । ভিতৰৰ পৰা ওলাই গৈ চোতালত ৰ'লোঁ । ফৰকাল বতৰ । নিশা আকাশত জোনবাইয়ে ডাঁৱৰৰ স'তে লুকা-ভাকো খেলি আছে । আকাশখনলৈ প্ৰত্যক্ষ কৰিলোঁ । অলপ সময় আকাশখনলৈ চাই চাই চোতালতে ৰ'লোঁ । ভিতৰৰ পৰা মাত আহিছিল সৰু বাইদেউৱে ভাইটিক পঢ়াই থকা । মনত উদয় হ'ল - মোকো যদি কোনোবাই এনেদৰে পঢ়াই দিয়াহেঁতেন । মই বাৰু কিয় ইমান পৰিয়ালৰ মানুহবোৰৰ পৰা তিৰস্কৃত হওঁ । মোক বাৰু কিয় সকলোৱে ওচৰ চাপিব নিদিয়ে ? কিয় ঘিণ কৰে ? কিয় মোৰ ওপৰত খং কৰে ?  কিয় সামান্য কথাতে গালি-শপনি পাৰে ? মাৰ-পিট কৰে ? ভাইটিক কৰা দৰে মোক বাৰু কিয় মৰম নকৰে  ? মোৰ ভোক-পিয়াহৰ কথা বাৰু কিয় নাভাবে ? দেউতাই মোক দেখিলেই কিয় বাৰু মাৰিবলৈ খেদি আহে ? মোক মাৰিলে কিয় কোনোৱে এৰোৱাবলৈ আগবাঢ়ি নাহে । এনেবোৰ কথাই মোৰ মনত খলকণি সৃষ্টি কৰিছিল । মনটোক শান্তনা দিবলৈ বুলি ৰাস্তালৈ ওলাই গ'লোঁ । অকলশৰে গৈ পুলৰ ওপৰত বহিলোঁ । হাত দুখন আঁঠুত থৈ , হাত দুখনত মূৰটো লগাই কান্দিবলৈ আৰম্ভ কৰিলোঁ । বিবেকে এবাৰ মনটোক বুজায় , আৰু কয় ধৈৰ্য ধৰা । সময়ৰ গতিত সকলো ঠিক হৈ যাব । এদিন সকলোৱে তোমাৰ মত অনুসৰি চলিব । তুমি নিজকে প্ৰতিস্থাপিত কৰা । 
           বিবেকে আগবঢ়াই দিয়া পৰামৰ্শই মনত উদ্ভাসিত কৰাই অদম্য সাহস আৰু শান্তনা । সাহসী  মনে সততে সুখৰ কল্পনা কৰি এক কল্পিত জগতত প্ৰৱেশ কৰে । মনটোক কথা দিওঁ মই এদিন সফলতাকাৰী হমেই । মা-দেউতাৰ লগতে সকলোৱে মোক মাতিবই । মোৰ জীৱনৰ পৰা যোৱা সুখৰ পলবোৰ ঘূৰাই নাপাওঁ সেইটো সত্য , কিন্তু অনাগত দিনবোৰ বিগত দিনবোৰৰ দৰে হ'বলৈ নিদিওঁ । মই সকলোৰে মন জিনি আপোন হ'ব পাৰিবই লাগিব ।  
       ভিন্ন ভিন্ন আশাৰে গাঁঠি যোৱা ভাবিত কথাবোৰ মনটোৱে নিজকে কৈ কৈ সময়বোৰ পাৰ কৰি থাকোঁতে হঠাতে শুনা পালোঁ --এক ঘট্ ঘট্ ঘট্ কৈ আহি থকা এখন ঠেলাৰ শব্দ । জানিব পাৰিলোঁ সেয়া দেউতাৰ বাহিৰে অন্য কোনো নহয় । মই  দেউতাই সেই ঠাইত আহি নোপোৱাৰ আগতে পুলৰ পৰা উঠি ঘৰমূৱা হৈ বেগেৰে খুজ দিলোঁ । ঘৰত উপস্থিত হৈ শোৱা কোঠাত সোমাই নিৰৱে নিৰৱে মই শোৱা চুকটোত ৰ'লোঁ । চুকটোত এখন বস্তা পাৰি ল'লোঁ । তাৰ ওপৰত ফটা কাপোৰেৰে তৈয়াৰী গাৰুটি থলোঁ । সেইখনেই মোৰ মূল্যৱান বিচনা । প্ৰয়োজন সাপেক্ষে কেতিয়াবা হাতত কঢ়িয়াই নি নিৰ্বাচিত শুবলৈ ঠিক কৰা ঠাই টুকুৰাত বিচনাখন ঠিক কৰি লওঁ ।  বিচনাখনত বহি চাকি এটা লৈ কিতাপখন মেলি লৈছিলোঁ । এনে সময়তে তৃতীয় গৰাকী বাইদেউৱে কোঠালৈ সোমাই আহি কয়--" এতিয়া পঢ়িব নালাগে দে । বাবা আহিছে । চাকীটো বাহিৰলৈ নিওঁ । তই মনে মনে শুই থাক । ৰাতিপুৱা পঢ়িবি । " মই একো মাত নিদিলোঁ । বাইদেউৱে চাকিটো লৈ গৈ দেউতাৰ ওচৰত পালেগৈ । মই বিচনাখনতে দীঘল দি পৰিলোঁ । মনতে ভাবিলোঁ , দেউতাই যদি বিস্কুত আনিছে মোক দিলে হয় আৰু । বৰ ভোক লাগিছে । ভাতটো এতিয়া নহয়।  বহুত সময় লাগিব ৰান্ধি শেষ কৰিবলৈ । হঠাতে আকৌ মনলৈ আহিল নিৰ্জুমনিৰ কথা । মনটোৱে উদঙালে যে নিৰ্জুমনিয়ে বাৰু মনতে দুখ কৰি আছে নেকি ? ভাত পানী নোখোৱাকৈ শুই আছে নেকি বাৰু ?  চাগে তাই নোখোৱাকৈ থকা নাই । নিশ্বয় খাইছে । মাক-দেউতাকে ফুচুলাই হ'লেও খুওৱাইছে । হ'ব দিয়া , মিছাতে আনৰ কথা চিন্তা কৰিব নালাগে । 
   দেউতা আহি জুইশালাত বহিলহি । জুইকোৰা দপদপাই জ্বলি আছে । তাৰ ওপৰত চাহৰ কেটলীটো বহাই থোৱা আছে । দেউতাই বজাৰৰ পৰা লৈ আহা সামগ্ৰীবোৰ এটা এটাকৈ ওলিয়াই ডলাখনত আৰু চালনীখনত থৈ গৈছে । ওচৰতে ভাইটি সীমান্ত বহি আছে । ভাইটিয়ে একান্ত মনে বস্তুবোৰলৈ লক্ষ্য কৰি গৈ আছে । সি এনেদৰে জোপ লৈ আছে যে মোনাৰ পৰা বিস্কুত উলিয়াই থলেই থাপ মাৰি ধৰিব। আনফালে অলপ দূৰৰ পৰা দেউতাই বস্তুবোৰ ওলিয়াই থাকা চাই আছে । মই চুৰ মেকুৰীৰ দৰে বেৰৰ ফাঁকেৰে জুঁপি জুঁপি সেই সকলোবোৰ দৃশ্য প্ৰত্যক্ষ কৰি আছিলোঁ । দেউতাই লাহেকৈ এটা সৰু মোনাৰ পৰা দুটা মুৰিৰ লাডুৰ পেকেট ওলিয়াই এটা পেকেট ভাইটিক আৰু এটা পেকেট সৰু ভাইদেউক দিলে । এটি পলিথিনত গুৰ আনিছিল । গুৰখিনি জ্যেষ্ঠ বাইদেউৰ হাতত দিলে । জ্যেষ্ঠ বাইদেউৱে ৰশ্মি বাইদেউক কাটি ভাগ কৰিবলৈ দি বাকী সামগ্ৰীবোৰ পাকঘৰলৈ লৈ যায় ।  বস্তুবোৰ পাকঘৰত থৈ হাতত চাহ বাকীবলৈ গিলাছ আৰু বাটি লৈ আহে । মাটিত গিলাছ-বাতিবোৰ থৈ জুইৰ পৰা চাহৰ কেটলীটো নমাই আনি চাহ ঢালে । সকলোৱে নিজে নিজে এটুকুৰা গুৰ আৰু চাহৰ পাত্ৰ এটা এটা লৈ জুইশালৰ পৰা আঁতৰ হয় । মই চাহ নাখাওঁ । সেয়ে ৰশ্মি বাইদেউৱে মোক এটুকুৰা গুৰ দি গ'লহি । 
" মুৰিৰ লাডু নো ? " --মই লাহেকৈ সোধিলোঁ যাতে দেউতাই মোৰ মাতটো শুনা নাপায় । ভাবিছিলোঁ ,  মই এটা হ'লেও খাবলৈ পাম । কিন্তু ভবাৰ দৰে নহ'ল । 
" নাই , সিহঁতি নিদিলে । অকলে অকলে খালে । আমিও খোৱা নাই । গুৰ টুকুৰাকে খা । অলপ পাছত ভাতেই হ'ব । মনে মনে সোমাই থাক ভিতৰতে । বাবাৰ আগত নোলাবি । ভাগৰে -চিগৰে আহিছে । "
           মোৰ মনৰ যন্ত্ৰণাই মোৰ জীৱনৰ পৰম বন্ধু ,  যি কোনো মুহূৰ্ততেই এৰি নিদিয়ে । শুওঁতে , বহোঁতে , খাওঁতে নতুবা ক'ৰবালৈ যাওঁতেও সকলো সময়তে লগতে যায় আৰু লগতে থাকে । সৰুৰে পৰা একেদৰেই দেউতা তথা পৰিয়ালৰ সকলোৰ পৰাই মৰম-চেনেহৰ পৰিৱৰ্তে নিতৌ এটি উপহাৰ হিচাপে পাওঁ যন্ত্ৰণা । যন্ত্ৰণাবোৰক থবলৈ হৃদয়খনত ঠাই নোহোৱা হৈ যায়। সেয়ে ঠাই ওলিয়াবলৈ কেতিয়াবা জনশূন্য এক নিৰ্জন ঠাইত ফেকুৰি ফেকুৰি কান্দোঁ । বেজাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মূৰটোত হাত দুখনে থাপৰিয়াওঁ । এবাৰ দুবাৰ কৈ উঠোঁ --ভগৱান মোক মাৰি নিনিয়া কিয় ? মোক কিয় জীয়াই ৰাখিছা ? মোৰ কি কাম আছে ? মোৰ দৰে এটা কলঙকিত ল'ৰা কিয় জীয়াই থাকিব লাগে ?  মোক দেউতাই নামাতে , মায়েও মাতো নামাতোকৈ মাতে ,তাকো বহু দিনৰ মূৰত । ভাইটিক পেট ভৰাই খাবলৈ দিয়ে । ধুনীয়াকৈ পিন্ধিবলৈ সাজ-পোছাক যোগান ধৰে । কিন্তু মোক দেখোন এবছৰত এটা পেণ্ট  আৰু এটা চোলাই কিনি নিদিয়ে ।ভাইটিক সকলোৱে দিয়ে । মোক ডাঙৰ বাইদেউ আৰু ৰশ্মি বাইদেউৰ বাহিৰে দেখোন কোনেও নিদিয়ে । মৰমো নকৰে । ওচৰলৈ গ'লেও মাৰে , গালি দিয়ে । ক'ৰবালৈ গ'লে মোক দেখিলে অমংগল হয় বুলি কয় । সিহঁতৰ আগত ওলাবলৈয়ে নিদিয়ে ।
      চাহ খাই দেউতাই মদ খাবলৈ ওলাই গ'ল । নিতৌ মদ খাবলৈ যোৱাটো দেউতাৰ অভ্যাস । মদ খাই পগলা হৈ নিশা এঘাৰ বাৰ বজাত ঘৰলৈকে ঘূৰি আহে । হয়তো কেতিয়াবা পুৱতি নিশা এক ডেৰ বাজে । বেছি ভাগ দিনেই দেউতাক বিচাৰি যাব লগা হয় । বিচাৰি নগ'লে দেউতাই দুই -তিনি বজাত ঘৰ ওলাইহি আৰু পাছ দিনা দিনটো মদ খাই সময়বোৰ কটায় । দেউতাক কিন্তু ডাঙৰ বাইদেউ ,ৰশ্মি বাইদেউ আৰু মইহে বিচাৰি যাওঁ । পৰিয়ালৰ বাকী সদস্যসকলে ঘোৰ টপনিত মগ্ন হৈ থাকে । দেউতাই ঘৰলৈ আহি শান্তিৰে শুইও নাথাকে , মাক ভিন্ন ভিন্ন কথাৰে গালি-শপনি দি থাকে । গালি-শপনিতে ক্ষান্ত নাথাকি মাৰিবলৈও শোৱা কোঠালৈ খেদি যায় । কিন্তু দাদাহঁতে দেউতাক ধমকি দিয়াত শান্ত হয় । কেৱল মাকে নহয় মোকো , মাৰিবলৈ বিচাৰি ফুৰে । কিন্তু মোক মাৰিবলৈ ঘৰত হুলস্থুল কৰিলে দেউতাক কোনেও একো নকয় । সেয়ে কেতিয়াবা বাহিৰত বাৰান্দাত বহি থাকোঁ ,কেতিয়াবা বাইদেউহঁতৰ বিচনাখনৰ তলত  সোমাই থাকোঁ । মোৰ জীৱনৰ বেছি ভাগ নিশাৰ বিচনাখন বাইদেউহঁতৰ বিচনাখনৰ তলতে হয় । কেতিয়াবা কেতিয়াবা ভঁৰালৰ ভিতৰত বিচনা ঠিক কৰি শুই থাকোঁ , যি দিনা বেছিকৈ মোক মাৰিবলৈ ভিতৰলৈ গৈ থাকে ।
        দেউতা গুচি যোৱাত মই গৈ পাকঘৰত পালোঁ গৈ । ভাইটিও পাকঘৰত আছিল । ভাইটিয়ে হঠাতে আহি মোক এক গোৰ মাৰি দিয়ে আৰু নিজে লুটি খাই পৰে ।  লগে লগে কান্দিবলৈ ধৰে । ভাইটিৰ কান্দোন শুনি দেউতা ঘূৰি আহে । ভিতৰত সোমাই সোধে কি হ'ল ইয়াৰ ?  ভাইটিয়ে দেউতাক মিছা কথাৰে মোৰ ওপৰত অভিযোগ দিয়ে । দেউতাই বেগেৰে গৈ মোৰ চুলিত ধৰি চুচৰাই পাকঘৰৰ পৰা জুইশালৰ কোঠালৈ লৈ আহে । মোক চৰ , ভুকু আৰু গোৰ মাৰে । বিষত বাই বাই বুলি চিঞৰোঁ । বায়ে এৰুৱাবলৈ চেষ্টা কৰে ; কিন্তু নোৱাৰে । এবাৰ মোক এৰি এডাল লাঠি ল'বলৈ লওঁতে মই উঠি পলালোঁ । মই নিশাটো খেৰ ঘৰত কটালোঁ । গোটেই নিশা ভুকত আৰু বিষত চটফটাই চটফটাই  কটালোঁ । পুৱা সোনকালে উঠি নাদৰ পৰা পানী তুলি খাওঁ । গাতো ইমানেই দুৰ্বল লাগিল যে মই যেন নাবাচিম । ধপকৈ মাটিত পৰি মৰি যাম । মনটোৱে একো বিচৰা নাছিল , মাথোঁ বিচাৰিছিল --যদি মৰি যোৱাৰ আগত মা-দেউতাক এবাৰ দেখিলোঁহেঁতেন , মোৰ সপোনৰ বন্ধু আৰু ভাইটিক এবাৰ দেখিলোঁহেঁতেন । মই পুনৰ গৈ খেৰ ঘৰত উঠি দীঘল দি শুই দিলোঁ । খেৰ ঘৰটোৰ পৰা ঘৰৰ পাছফালৰ দুৱাৰখনেদি ওলোৱা সোমোৱা সকলোকে দেখা যায় । সেয়ে মই  দুৱাৰখনৰ ফালে চাই চাই শুই আছিলোঁ । ভাবিছিলোঁ , বাইদেউহঁতক দেখিলে ভাত খুজিম । মা-দেউতা ওলাই আহিলে দেখিম ।
            কণত পৰিল মেঘৰ গুজৰণি । পলকতে দেখিলোঁ  ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিছে । বৰষুণৰ টোপালবোৰে কাৰো মাতকে নুশুনা কৰি নিজৰ প্ৰভুত্ব প্ৰদৰ্শন কৰিছিল । মোৰ চুকুযুৰিয়ে ডবাপিটা বৰষুণৰ মাজেৰে পাছফালৰ দৰ্জাখনলৈ  প্ৰত্যক্ষ কৰি আছিল । কিন্তু চকুৰ দুই পটা কেতিয়া মুদ খাই নিদ্ৰাত মগ্ন হ'লো গমেই নাপালোঁ । পুৱাৰ সময় বাগৰি গৈ পাছবেলা তিনি বাজিল । সাৰ পাই দেখিলোঁ , সন্ধিয়া হ'বলৈ হ'ল । দৰ্জাখনৰ ফালে চালোঁ , হয়তো কাৰোবাক দেখা পালে মাতিম । কিন্তু কাকো দেখা নাপালোঁ । গোহালীটোৰ ফালে চালোঁ --গৰুকেইটা নাই । ভাবিলোঁ নিশ্চয় ডাঙৰ বায়ে বান্ধিলগৈ।কিছুপৰ দৰ্জাখনৰ ফালে চাই ৰ'লোঁ হয়তো কাৰোবাক দেখা পাম । আশা কৰা ধৰণে এঘণ্টাৰ পাছতো কাকো দেখা নাপালোঁ । যেনেতেনে দুৰ্বল দেহাৰে উঠি বহিলোঁ । চিঞঁৰি বাই বাই বুলি  মাতিবলৈ মনস্থ কৰিছিলোঁ । কিন্তু শৰীৰত সেই মাতকণ উলিয়াবলৈও শকতি নাছিল । খেৰৰ ওপৰতে প্ৰায় ১০/১৫ মিনিট সময় বহি  থাকিলোঁ । সৰু বাইদেউক দেখিলোঁ । তেখেতে গৰুকেইটা গোহালীলৈ খেদি আনিছিল । গোহালীত গৰুকেইটাক নিজৰ নিজৰ খুঁটিত বান্ধি বায়ে খেৰ ভঁৰালটোৰ ফালে আহিছিল । মই নিমাত হৈ  বহি আছিলোঁ । মুখুৰে মাত মাতিবলৈ পৰা সমৰ্থ্য নাই । বায়ে খেৰৰ ভঁৰালত উঠি দেখিছিল  মই বহি আছোঁ ।
নিম্ন স্বৰে মাত দিলে --" অ' , তই উঠিলি । সেই চোকটোত তোৰ ভাত আৰু পানী আছে । খাই ল' । খাই উঠি ৰাস্তাৰ ফালে এপাক ফুৰি আহিবিগৈ । "
            মই মূৰটো জুকাৰী হয়ভৰ দিলোঁ । মই হয়ভৰ দিয়া মূৰ জুকাৰণী দেখি বায়ে গুচি গ'ল । মই চুকটোলৈ চাই দেখিলোঁ ভাতৰ কাঁহীখনক আন এখন কাঁহীয়ে ঢাকি ৰাখিছে । ঢাকনী কাঁহীখন দাঙি দেখিলোঁ  মোৰ কাঁহীখনত ভাতৰ লগতে অলপ নিমখ , অকণমান মচন্দৰি চাটনি আছে । চুকটোৰলৈ ভাল দৰে চকু ফুৰাই পৰীক্ষণ কৰিলোঁ কিজানিবা  আঞ্জাৰ বাটিটো দেখা পাওঁ । কিন্তু দেখা নাপালোঁ । নিমখ আৰু চাটনিৰ সৈতে অন্নমুঠি গ্ৰহণ কৰিলোঁ । কাঁহীখন কাঁষতে থৈ দীঘল দি ওপৰলৈ মুখখন কৰি শুই দিলোঁ । মনলৈ আহিছিল অলিক কল্পনা । কল্পনা জগতখনত বুৰ গৈ চৌদিশে বিচাৰি পাইছিলোঁ জীয়াই থকাৰ  এটি সুন্দৰ পথ । সেই পথতেই পাইছিলোঁ শান্তনাৰ এখন হৃদয় । কল্পনা জগতত মই নিজকে থিৰাং কৰি লৈছিলোঁ --মই পঢ়িম , ডাঙৰ মানুহ হম । এদিন মোক সকলোৱে ভাল পাব । মোৰ উপাৰ্জনত ঘৰৰ সকলোৱে জীৱন-যাপন কৰিব । আজি মা-দেউতাৰপৰা বঞ্ছীত হোৱা মৰম-চেনেহবোৰ তেতিয়া হিয়া ভৰাই পাম । মায়ে মোক মাতিব , দেউতাই মোক চেনেহত চাব আৰু খঙৰ সলনি মৰম দিব । ভাইটি আৰু দাদাহঁতে মোৰ লগত কাজিয়া কৰা বন্ধ কৰিব । বাহ ! বহা! জীৱনৰ প্ৰতিটো কোঁহে কোঁহে দেখোন সকলো সোণালী হৈ জিলিকিব । সেয়ে মই ডাঙৰ মানুহ হ'বই লাগিব ।  ডাঙৰ মানুহ হ'বলৈ পঢ়িব লাগিব । মই পঢ়িম । লুকাই লুকাই পঢ়িম । য'তে সময় পাওঁ ত'তেই পঢ়িম । পঢ়ি আগবাঢ়ি গ'লে বহুতো বন্ধু লগ পাম । হয়তো তাতেই পাম মোৰ স্বপ্নৰ বন্ধুক । হয়তো বন্ধু আৰু পৰিচিতসকলৰ ঘৰে ঘৰে ফুৰিবলৈ যাওঁতেই লগ পাম মোৰ হৃদয়ত বাহৰ পাতি থকা ভাইটিটিক । 
            বহুতো কল্পনা কৰিলোঁ , মনতে পৰিকল্পনাও কৰিলোঁ । পৰিকল্পনাবোৰক মনে এখন দলিলত  লিপিবদ্ধও কৰিলে  । সিদ্ধান্ত গ্ৰহণ কৰি মনে কাৰ্যকাৰী কৰাৰ অৰ্থে গৃহীত কৰি বিবেকৰ হাতত অৰ্পণ কৰি দিলে । 
           টাঁট্ টাঁট্ টাঁট্ টাঁট্ কৈ হাঁহকেইটাই চিঞৰি থকা মাতবোৰ আহি মোৰ কাণত পৰিলহি । কল্পনা জগতৰপৰা  বাহিৰ হৈ  খেৰ ভঁৰালৰপৰা  নামি আহিলোঁ । জ্যেষ্ঠ্য বাইদেউৱে হাঁহকেইটাক গৰালত ভৰাবলৈ পাছে পাছে খেদি ফুৰিছে , কিন্তু হাঁহকেইটাই গৰালৰ সোমাবলৈ বিচৰা নাই । মই গৈ হাঁহকেইটাক আগচি আৰু গৰালৰ ফালে খেদি নি গৰালত ভৰোৱাত সহায় কৰি দিলোঁ । বাইদেউৱে মৰমেৰে লাহেকৈ ক'লে -" চুনু উঠিলা , আজি গোটেই দিনটো শুলা যে ? ভাত খালা নাই ? ভৰি হাত ধুই ৰাস্তাৰ ফালে অলপ ফুৰি আহাগৈ । তাৰ পাছত মোক দোকানৰ পৰা বস্তুকেইটামান আনি দিবা হা ।" 
              " ৰাতিপুৱা এবাৰ সাৰ পাইছিলোঁ ,আকৌ টোপনি গ'লোগৈ । গমেই নাপালোঁ , অলপ আগতে সাৰ পালোঁ । ভাত খালোঁ । " -মই নিম্ন কণ্ঠৰে কথাবোৰ প্ৰকাশ কৰিলোঁ । ইয়াৰ পাছতে মই চোতালত থকা খৰি দুমুঠা নি জুইশালৰ চাঙখনত তুলি থ'লোঁ । তাৰ পাছত পাছফালৰ চোতাললৈ আহি থিয় হৈ ঔটেঙা গছজোপাত পৰি থকা চৰাইবোৰলৈ চাই আছিলোঁ । তেনে সময়তে জ্যেষ্ঠ্য বাইদেউৱে ক'লে --" চুনু , ভৰি হাত ধুই লোৱাগৈ যোৱাঁ । ৰৈ থাকিব নালাগে । দোকানলৈ যাব লাগিব নহয় । আৰু ৰাস্তাফালে নোযোৱা নে কি ?"
                মই ভৰি-হাত ধুই ৰাস্তাৰ ফালে ওলাই গ'লোঁ । গৈ গৈ ধোদৰ আলিত উঠিলোঁগৈ । ধোদৰ আলিটোৰ কাষতে বৰ ধুনীয়া ধুনীয়া পাত মেলি থকা কুমলীয়া ঢেঁকীয়া দেখা পালোঁ। আমি প্ৰায়ে তাৰ পৰা আঞ্জাৰ বাবে চিঙি আনোঁ । কুমলীয়া ঢেঁকীয়াবোৰ দেখি মোৰ মনে অলপ চিঙি ঘৰলৈ আনিবলৈ ইচ্ছা কৰিলে । মই হাততে এমুঠা ঢেঁকীয়া চিঙি লৈ ঘৰলৈ উভটি আহিলোঁ ।  তিমিৰে চৌদিশে ঘেৰি আহিল । ময়ো ঘৰত উপস্থিত হ'লোঁহি।
                               
              
🖋️মিণ্টু দোলাকাষৰীয়া 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)