তুমি নথকা পৰত-হুমায়ুন কবীৰ

©Admin
0
তুমি নথকা পৰত,
জীৱনৰ ৰঙবোৰ-
সৌৱা;
অস্তাচলত বিলীন হোৱাৰ দৰেই ।

সৰু সৰু অভিমানবোৰে,
অগীয়া-বগীয়া হৈ-
তোমাৰ অভাৱ সোঁৱৰায় ।

অজানিতে কৰা ভুলবোৰ লৈ,
অচিৰাৎ অচিলাৰে-
মই উৰা মাৰো
তোমাৰ কাষলৈ ;
ক্ষমা-প্ৰাৰ্থনাত,
মাজনিশাও মই বৰ ব্যাকুল ।

তুমি নথকা পৰত,
কল্লোলিত হয় মোৰ ভাবৰ সাগৰখনি ।
মনৰ কঁহুৱাডৰাত ,
নাই যেন কোনো শুকুলা ।
কাজলী মেঘবোৰে,
মোক গোমা কৰিলেহি ।

চলিহাই ধৰা চকু লৈ,
মই চলাথ কৰিছো-
অকণমান অৱশেষ বিচাৰি -
তোমাৰ মৰমৰ ।

নিভঁজুৱা আৱেগৰ,
চেঁচা বতাহজাকত-
মই বৰ উদাসীন হৈ পৰো ।
উথলি অহা বিষাদৰ সোঁতত,
চকলা-চকলে সৰিল-
মোৰ হিয়াৰ চপৰা ।

হয়;
বনভোজথলীত তুমি নাই ,
শ্যামল হাবিডৰাত থমকি ৰয়-
মোৰ চঞ্চলতা ।
কল্পনাপ্ৰৱণ মোৰ দুচকুত ভাঁহে-
এখনি ক'লা পাহাৰ -
আৰু-
টিংটিঙীয়া ৰ'দত শুকোৱা মোৰ দেহা ।

তুমি নথকা পৰত,
অৰ্থহীন হয় মোৰ অনুভৱৰ জোনাক ।

✍️হুমায়ুন কবীৰ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)