সমাধিস্থ সিহঁত-জহিৰুল ইছলাম‌

©Admin
0
ৰঙাফিটাৰ মেৰপাক
দোষ বুলিবলৈ সিহঁতৰ দায়িত্ব গধুৰ
নহ'লে যে অন্ধকাৰে ছানি ধৰা প্ৰজন্মৰ ধোঁৱাত
ধূসৰিত প্ৰায় চৌদিশ
কিন্তু এতিয়া সিহঁত
আজি অনাদৃতই নহয়,অৱহেলাৰো অন্তিম ক্ষণত।
সেয়েহে
নেপথ্যত কেৱল ৰিণি ৰিণি বাজে জীৱনৰ বেসুৰীয়া সংগীত।

সিহঁত আছিল
পোহৰ সন্ধানী এদল মানুহ 
মাটি ভেটিয়েই নহয় শ্ৰমো দিছিল সহিব নোৱাৰাকৈ।
পেটত গামোচা বান্ধি ক্ষয় কৰিছিল অৰ্থ আৰু সময়ৰ দীঘলীয়া ৰছীডাল
কাৰণ...
ভৰষা যে গভীৰ 
বাকজৰীডালত নৈতিকতাৰ এক কঠিন গাঁঠি
গাঁঠিৰ ভাঁজত এটা প্ৰজন্মৰ
পোহৰ পিপাসী এজাক নিষ্পাপ চাহিদা।

আজি সিহঁত ভাগৰুৱা
নিৰুত্তাপতাত নিৰুদ্দেশ সিহঁতৰ স্বপ্ন বিলাস
সময় যে কি নিষ্ঠুৰ----!
ধূসৰিত এতিয়া সিহঁতৰ আকাংক্ষিত ভৱিষ্যত।

গাঁঠিৰ ধন ভাঙি সজোৱা সপোনৰ পথাৰখন
বগা হাতীৰ তাণ্ডৱত তহিলং হোৱাৰ দৰে।
আজি উপায়ন্তৰ সিহঁত প্ৰজন্মৰ পৰাজিত যোদ্ধা
সিহঁতৰ শেঁতা পৰা কলিজাত এতিয়া চলিছে
আত্মহত্যাৰ কচৰৎ
ৰোমন্থনত হেৰুৱা অতীত আৰু শেষ হ'ব ধৰা ভৱিষ্যত।

অধিকাৰ সিহঁতৰো আছে
জীৱন আৰু জীৱিকাৰ
আছে অধিকাৰ অন্ন, বস্ত্ৰ,বাসস্থানৰ 
যিদৰে সিহঁতৰো আছে
কিন্তু সিহঁত আজি অপমানিত
সম অধিকাৰ সম বিকাশ সিহঁতৰ বাবে এক মিছা অভিলাষ
জীৱন সমাধিস্থৰ সমাধিক্ষেত্ৰ।

 ✍️জহিৰুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)