এগৰাকী ধৰ্ষিতাৰ মনৰ কথা-বৰষা ঠাকুৰ

©Admin
0
আই মোৰ মন আছিল অ !
পৃথিৱীৰ বহু ঠাইত ভ্ৰমণ কৰা 
তুমিতো জানিছিলাই travelling is my hobby .
তুমি যে কৈছিলা --- ভালদৰে পঢ়া, 
ভাল মানুহ হোৱা , ভাল চাকৰি কৰিবা , 
নিজ ইচ্ছাৰে চলিবা ।
নেদেখা ঠাই চাবা , যি মন যায় তাকে কৰিবা ।
মইতো তোমাৰ মতেই চলিছিলো ,
ভাল দৰে পঢ়িছিলো , ভাল মানুহ হ'বলৈ। 

কিন্ত কাৰ চকু লাগিলে আই 
সপোনবোৰচোন শেষ হ'ল 
মোক ষোল্ল বছৰৰ বয়সতে ধৰ্ষণ কৰিলে। 
আই জানা তুমি, বহুত চিঞৰিছিলো মই , 
মোক বচোৱা কোনোবাই বুলি ,
তথাপিচোন কোনো নাহিলে আই ।
এয়াই নেকি বৰ্তমানৰ সমাজ, 
চিঞৰ শুনিওচোন কোনো কাষ নাচাপিলে ।
জীয়াই জীয়াই মাৰিলে মোক ....
সকলো কাপুৰুষ আই ।

পানী পানী কৈ তাতে শেষ নিশ্বাস ত্যাগিলো 
তথাপি কাৰো দয়া নুপজিল নে ?
পানী এটুপি দিবলৈ ।
এয়াই নেকি বৰ্তমানৰ সমাজ, 
চিঞৰ শুনিও কোনো কাষ নাচাপিলে ।

✍বৰষা ঠাকুৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)