তোমাৰ উত্তপ্ত প্ৰেমত সেইদিনা
আনবোৰৰ দৰে মইয়ো তাপিছিলো
তোমাৰ সৌন্দর্যতাৰ চমকত
সেইদিনা মইয়ো বিভুৰ হৈছিলো,
কিন্তু ইমান ভিৰৰ মাজত জানো মোক দেখা পাইছিলা তুমি?
তোমাৰ অনুৰাগী বহু, প্ৰেমিক হাজাৰ
সেই হাজাৰৰ ভিতৰত মইয়ো এজন,
তোমাৰ বাবে হয়তো এই কথা অজান।
অজান প্ৰেমিক তোমাৰ মই
তোমাৰ হৃদয়ৰ,তেজৰ প্ৰতি লহৰৰ
তুমি হয়টো গম পাবা এদিন
তোমাতকৈও তোমাক ভালপোৱা এজন যে আছে এই পৃথিৱীত,
তুমি হয়টো গম পাবা এদিন
হাজাৰ প্ৰেমিকৰ মাজতো তোমাক বিচৰাৰ আশালৈ
কোনো এক অজান চহৰত আছিল এক অজান প্ৰেমিক,
যিয়ে তোমাৰ প্ৰকৃত মৰম পাবলৈ সদায় উৎসুক আছিল।।
✍️হুমায়ুন কবিৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ