জীৱনৰ বৰ লুইতখন;
নাজানো ,কিমান গভীৰ এই জীৱন সমূদ্ৰ ।
কেতিয়াবা নিৰুত্তৰ হৈ ৰও
একোটা প্ৰশ্নবাণত,
স্থবিৰ হৈ পৰে মোৰ ভাৱনাৰ সুঁতি ।
জীৱনৰ অৰ্থ কি ?
এয়াই প্ৰসংগ মৌনতাৰ ।
প্ৰায়েই আধৰুৱা হৈ ৰয়
মোৰ উত্তৰৰ শব্দমালা ।
মতিভ্ৰম হৈ পৰো অৰ্থ বিচাৰি জীৱনৰ !
এটা সপোন দেখিছিলো
মায়াময় অন্ধকাৰৰ কোনোবা এটা ক্ষণত
আৰু নাম দিলো তাৰ সংগ্ৰাম ।
ৰঙা নীলা আশাবোৰ ভাঁহি ফুৰিছিল
সুনীল আকাশৰ এটা আছুতিয়া কোণত ।
ধ্বনিত হৈছিল মনৰ বেটুপাতত থকা কবিতাবোৰ
ছন্দহীন একোটা গান হৈ ।
অসীমত দেখা পাইছিলো মোৰ পোৱা নোপোৱাৰ তালিকা ।
আশাফুলৰ বীজবোৰ অংকুৰিত হৈ উঠিছিল ক্ৰমে
আৰু কুসুমিত হৈছিল কলিবোৰ ।
উৰি উৰি উপভোগ কৰিছিলো
পৰীৰ দেশৰ ৰংমেলা ।
কল্পনাতীত আছিল মোৰ বাবে সেই অভিশপ্ত ছবি
য'ত ধ্বংস হৈছিল মোৰ সপোনৰ এটা এটা খণ্ড ।
সংঘৰ্ষ কৰিছিলো কঠোৰ ডাঁৱৰৰ সতে,
আৰু নামি পৰিছিলো এটা সংগ্ৰামত,
নাম যাৰ জীৱন ।
🖋️মফিজুল হক ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ