হৃদয়ৰ অনুভূতি-দীপ্তি কুমাৰ

Rinku Rajowar
0
কেতিয়াবা দেখিছানে কেচাঁ পাতৰ কপনি 
হয়তো শুনিছা চাগে কেতিয়াবা সৰাপাতৰ বিননি 
কেচাঁ পাতৰ কপনিত সাৰ পাই উঠে কেতিয়াবা এটি প্ৰয়াণৰ 
আৰু সৰাপাতৰ বিননিত ভাহি আহে অশ্ৰুভৰা গাথাঁ জীৱনৰ 
কেচাঁপাতে দি যায় বতৰা নৱ প্ৰভাতৰ 
আৰু সৰাপাতে মায়াময় মৰুভূমিৰ দুৰ্বিসহঃ সময়ৰ 
শুনিছা চাগে কেতিয়াবা সৰাপাতৰ আৰ্তনাদ 
বতাহৰ সৈতে বাউলি হৈ উৰি থকা অৱস্থাত 
শুনিছা চাগে কেতিয়াবা নিজম ৰাতি 
বুকুত হাজাৰ বিষ লৈ 
ধুমুহাৰ কোৱাল সোঁতত উৰি ফুৰা নিসংগ সৰাপাতৰ বিননি 
সেয়ে সুধিছোঁ পাৰিবা জানো তুমি সৰাপাতৰ দৰে হবলৈ 
ৰুগ্ন হৃদয়ৰ কৰুণ কাহিনী শুনিবলৈ ।।

       🖋️ দীপ্তি কুমাৰ 
স্নাতক তৃতীয় ষান্মাসিক
ছিপাঝাৰ মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)