বন্ধু তুমি-ছাইফুদ্দিন আহমেদ

Rinku Rajowar
0
অন্ধ আৱেগত বন্ধু তুমি
বিবেকহীন নহ’বা,
জাতি ধৰ্মৰ উৰ্দ্ধত গৈ
তুমি মনুষ্যত্ব অৰ্জন কৰিব 
পাৰিলে জীৱনত বহু দুৰ
আগবাঢ়ি যাব পাৰিবা ! 

জানোঁ জীৱন যাত্ৰাৰ 
পথৰ দাঁতিত তুমি বন্ধু 
বহু ধাৰ্মিকৰ নগ্নস্বৰূপ 
দেখি হতভম্ব হৈ পৰিবা,
তথাপিও তুমি ধৈৰ্য্য ধৰিলে
বিজ্ঞানৰ হাত বাউল দেখিব পাৰিবা !

বন্ধু তুমি অন্ধ আৱেগত
মানুহৰ দৃষ্টিত মানুহ হৈ 
জীয়াই থাকিব জানোঁ পাৰিবা ?
বিজ্ঞানমনষ্কতাই হে পাৰিব
তোমাক সফলতাৰ চৰমশীৰ্ষত 
মনুষ্যত্ব পাঠ পঢ়াবৰ মানুহৰ হৈ জীয়াই থাকিবৰ........!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)