নিসংগ পথিক-উপাসনা শৰ্মা

Rinku Rajowar
0
হৃদয়ৰ মেট মৰা বোজাবোৰ
আলফুলে সামৰি ৰাখিছোঁ এতিয়া 
মোৰ সপোনৰ মায়ানগৰীখনৰ পৰা
দিঠকৰ চহৰখন বাৰুকৈয়ে পৃথক |
এতিয়া মাজনিশা ,
দিনটোৰ ব্যস্ততাৰ পৰা আহৰি হৈ
নিজৰ বাবে অলপ সময় 
উকা পৃষ্ঠাবোৰত লিখি যাওঁ
বেবেৰিবাং কিছু কথা |
অজানিতে হাহোঁ
অজানিতে কান্দো !
জীৱন নামৰ আলিবাটত
নিসংগ পথিক হৈ
জুখি চাওঁ কেতিয়াবা নিসংগতাৰ সুখ |
আৰু পথভ্ৰষ্ট জীৱনৰ চাকনৈয়াত
ৰঙীণ বাস্তৱৰ সৈতে
খেলি থকা উল্লাসিত জীৱনবোৰৰ
নিসংগ নোহোৱা সত্ত্বেও
প্ৰতাৰিত হোৱাৰ দুখ |
এই সময় মোৰ আপোন ,
কোনো প্ৰেমিকৰ মধুৰ আলিংগনত
বিচলিত নহয় মোৰ
চোতালৰ দুৱৰি ,
অথচ হাবাথুৰি খাওঁ
আত্মপ্ৰেমৰ সাক্ষী হৈ
হৃদয়ৰ অন্তঃকোণত
নিজৰ মাজতে নিজক বিচাৰি |
এয়া মাজনিশা
প্ৰাপ্তি অপ্ৰাপ্তিৰে ভৰা জীৱন নাটৰ
নিজ অভিলেষে গঢ়া
এটি আপোন পৃষ্ঠা |

🖋️উপাসনা শৰ্মা
ঠিকনা-বৰপেটা ৰোড্ 
ভট্টদেৱ বিশ্ববিদ্যালয়,বজালীৰ পঞ্চম ষান্মাষিকত অধ্যয়নৰত ছাত্ৰী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)