নিঃস্ব-জহিৰুল ইছলাম

©Admin
0
তোমাক নুবুজিলে কোনোৱে
ব্যতিক্ৰম ময়ো নহয়
তোমাৰ শেঁতা পৰা দুচকুত এতিয়া অমানিশাৰ গধূলি
উজাগৰি নিশাৰ বিবৰ্ণ কোলাহলে
মৌন কৰি তুলিছে আনে নুবুজাকৈ
ময়ো অপাৰগ কিজানি বুজিবলৈ অমানিশা গধূলি ।

তোমাৰ দেহাৰ ভাঁজত অসহায়তাৰ দীৰ্ঘ সংলাপ
ডায়েৰীৰ পৃষ্ঠাত বিশ্লেষণৰ তাৰিখবিহীন বিষাদগ্ৰস্ততাই
আজি জগাই তুলিছে হৃদয়ত অনুসূচনাৰ আদিপাঠ
প্ৰশ্নৰ চোতালত----
প্ৰয়োজনৰ প্ৰিয়জনীয়তাত আৰু কিমানটা বছৰ ?

ঘনিষ্ঠতাত উশাহৰ ভাগৰুৱা উষ্ণতা
নেপথ্যত জন্ম লোৱা বৈধ চাহিদাৰ 
সংযমহীন ব্যাখ্যা

"পৰা হ'লে আনিলোহেঁতেন এগছি সুখৰ কঠীয়া
সযতনে ৰুলোহেঁতেন মোৰ হৃদয়ৰ পথাৰখনত সেউজীয়া হওক বুলি তোমাৰ ছন পৰা পথাৰখনি
কিন্তু-----"
সময়ৰ 
উভতনি যাত্ৰা 
শূন্য দুহাত
দিব নোৱাৰাকৈ নিঃস্ব
সংকটত
তুমি মই আৰু অস্তিত্বৰ মিছা বিলাস ।

✍️জহিৰুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)