মোৰ গাঁও মোৰ মানুহ-মোৰ শৈশৱৰ দ্ৰোণাচাৰ্য্য-চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
১৯৮৫ চন মানৰেই কথা হ'ব ৷ বাসুদেৱ পূজাৰ ঊপলক্ষে পুথিভঁৰালৰ বাকৰিত খুলীয়া ভাওনা হ'ব ৷ স্কুলত খবৰটো পোৱাৰ পাছতেই গাঁও সাতখন আঠখন হ'ল ৷ ছুটীৰ পাছত ঘৰত আহি দেউতাক কথাটো কোৱাত আবেলিয়েই পঢ়ি অঁতাবলৈ কলে ৷ সন্ধিয়াতে ভাত পানী খাই দাদা আৰু মই চুবুৰীয়াৰ সমনীয়াৰ  লগত পূজাস্থলী পালেগৈ ৷ ৰভাৰ তলীত পূজাৰ বেদীৰ কাষত ভীমকলৰ ডাঙৰ ডাঙৰ টুকুৰাৰ মধাত সৰিয়হৰ তেল ঢালি জ্বলাই ঠোৱা আছিল ৷ এক মায়াময় পৰিবেশত এটা সময়ত ভাওনা আৰম্ভ  হ'ল ৷ জীৱনত প্ৰথমবাৰৰ বাবে দৰঙীয়া খুলীয়া ভাওনা দেখি অভিভূত হ'লো ৷ প্ৰতি বছৰেই আমাৰ গাঁৱৰ দূৰ্গা পূজাত সাধাৰণতে পলাশবাৰীৰ দখলাৰ পৰা যাত্রাপাৰ্টি  ( গানপাৰটিক) আমন্ত্ৰণ কৰি অনা হয় ৷ দখলা পাৰ্টিয়ে নিবেদন কৰা পৌৰাণিক আখ্যানৰ আধাৰত পৰিৱেশন কৰা গীতিনাট-নাটিকা ( ঐৰানতল ) আৰু মুল নাটেই আছিল আমাৰ শৈশৱৰ বিনোদন ৷ পূজা শেষ হোৱাৰ বহুদিন পাছলৈ নাটৰ,সংলাপবোৰ ওমলা সময়ত আওৰাই আওৰাই আমিও  আমাৰ কল্পনাৰ জগতৰ মহাৰাজ,মহাৰাণী, মন্ত্রী-পাৰিষদ,সেনাপতি, ৰাজকোঁৱৰ আৰু ৰাজকোঁৱৰী হৈ পৰিছিলো ৷ কৃষ্ণ চূড়াৰ বীজৰ চিৰাবোৰক চোকা অস্ত্ৰ হিচাপে লৈ আমি সমূখ সমৰত শত্ৰুৰ ওপৰত জপিয়াই পৰা কোৰ্হালত বহুবাৰ মা-দেউতাৰ খেদা খাই সমনীয়া সমন্বিতে পলাই পত্ৰং দিব লগীয়া হৈছিল ৷
যি কি নহওঁক সেইদিনাখন খুলীয়া ভাওনা চাই মনৰ আনন্দত ৰাতি বহুত পলমকৈ ঘৰলৈ উভতিছিলো ৷ পিছদিনাখন পুৱাই নদীত গা মুৰ ধুই ৰেডিঅ'ত গীতি-মালিকা অনুষ্ঠান আৰম্ভ হোৱাৰ শব্দ কাণত পৰাৰ লগে লগেই স্কুললৈ ঢাপলি মেলিলো ৷ যোৱাৰাতিৰ টোপনি পুৰেই হোৱা নাছিল ৷ ক্লাচৰ মাজত বাৰে বাৰে টোপনিয়াই আছিলো ৷ তন্দ্ৰাত মোৰ নিচাসক্ত মানুহৰ দৰেই অৱস্থা  হৈছিল ৷ প্ৰথম পিৰিয়ড স্বৰ্গীয় এধানি চাৰৰ আছিল ৷ আমি তেতিয়াৰ দিনত মাটিত ঢাৰী পাতি বহিছিলো ৷  গতিকে টোপনিয়াই টোপনিয়াই চিধা হৈ বহি থকাটোও বহু কষ্টকৰ আছিল ৷ তথাপি চাৰৰ বেতৰ কোবৰ ভয়ত চকু দুটা  ডাঙৰ  ডাঙৰ কৈ মেলি ৰাখি কোনোমতে  পিৰিয়দটো শেষ কৰিলো ৷ সেই দিনাখন আছিল শনিবাৰ ৷ আৰু মাত্র তিনিটা পিৰিয়দ যেনেতেনে পাৰ কৰি দিলেই ৰক্ষা পৰো ৷ শনিবাৰ আমাৰ কাৰণে আছিল আধা ছুটীৰ দিন ৷ প্ৰতি শনিবাৰে পিৰিয়দ শেষ হ'লেই ওচৰৰ পুখুৰীৰ পৰা পানী আৰু ৰাস্তাৰ পৰা গোবৰ আনি স্কুলৰ মজিয়া মুচিব  লাগে ৷ ল'ৰাবোৰে গোবৰ আৰু পানী আনি দিওঁ আৰু ছোৱালীৰবোৰে মজিয়া মুঁচে ৷ গতিকে বাকী তিনিটা পিৰিয়দ কেনেবাকৈ পাৰ কৰি দিয়াৰ অভিপ্ৰায়েৰে শ্ৰেণীত পাচৰ শাৰীত বহি থাকিলো ৷ 
দ্বিতীয় পিৰিয়দত দীঘল দীঘল বেত এডাল লৈ গণিতৰ শিক্ষক শ্ৰদ্ধাৰ স্বৰ্গীয় ডম্বৰুধৰ দাস ( ডিম্বৌ) ছাৰ সোমাই আহিল ৷
মই পাছত বহি থকাৰ বাবে ছাৰে কিয় পাছত বহিছ বুলি ধমকি দি আগত বহুৱাই দিলে ৷ সেই দিনাখন গ্ৰহগতি মোৰ বাবে বৰ অনুকূল নাছিল ৷ ছাৰৰ পিৰিয়দত মই টোপনি ধৰি ৰাখিব পৰা নাছিলো ৷ তন্দ্ৰালাসৰ মাজত ছাৰৰ মাতকথা বোৰ যোৱাৰাতিৰ ভাওনাৰ সংলাপৰ দৰে লাগিব ধৰিছিল ৷ মই টোপনিতে যোৱাৰাতিৰ ভাওনাৰ মহাভাৰতৰ কাহিনীৰ মাজত নিমজ্জিত হৈ পৰিছিলো ৷ তেনেকুৱা তন্দ্ৰামগ্ন অৱস্থাতে ডিম্বৌ ছাৰে মোক কিবা সোধাত মই থতমত খাই চিঞৰি উঠিলো আজ্ঞা কৰক মহাৰাজ ৷ সেই দিনাখন মোৰ মুখৰ সেই অবাঞ্চিত কথাষাৰ ছাৰে শুনিছিল নে নাই নাজানো কিন্ত পিৰিয়দত টোপনিয়াই থকাৰ অপৰাধত ছাৰে মোৰ ভৰিৰ কলাফুল বেতেৰে উখহাই পেলালে ৷ মই আৰু জীৱনত ক্লাছত নোশোও বুলি ছাৰক কথা দিলো ৷ ছাৰে জানিছিল ছাত্ৰৰ মনত কেতিয়া আৰু কেনেকৈ জেদৰ ভাৱ ( Challenging Mindest)  জাগ্ৰত কৰি তুলিব লাগে ৷ মোৰ কথাত ছাৰে সেই দিনাখন মাত্র কৈছিল যদি গণিতত বছৰেকীয়া পৰীক্ষাত ৯০ৰ ওপৰত পোৱা তেতিয়া হ'লে তোমাক ৰেহাই দিম নহ'লে কিন্ত সাৰণ নহ'ব ৷ পিৰিয়দত টোপনি মাৰাৰ কথা দেউতাৰ কাণত পৰিলে কি হ'ব মই নকলেও জানাই নহয় ৷ ছাৰৰ কথাষাৰ যেন মোৰ কাৰণে এপাত অমোঘ বান  হৈ পৰিল ৷ ছাৰৰ  মাত্র  এটা বাক্যই মোৰ জীৱনলৈ এক বুজাব নোৱাৰা প্ৰতিযোগী মনোভাৱৰ উদয় কৰিলে ৷ সকলো বিষয়তকৈ গণিত মোৰ আটাইতকৈ প্ৰিয় বিষয় হৈ পৰিল ৷ ছাৰৰ মুখত হাঁহি বিৰিঙাই সেইবাৰ মই গণিতত ৯৫ নম্বৰ পালো ৷ ঘৰত দেউতা আৰু স্কুলত  ডিম্বৌ ছাৰৰ মুখত একেই সন্তোষ আৰু গৌৰৱৰ হাঁহি ৷ গণিতৰ পিৰিয়দত আগৰ শাৰীত বহিবলৈ ভাল পাবলৈ ধৰিলো ৷ লাহে লাহে দেখিলো আমাৰ শ্ৰেণীৰ প্ৰায় সকলো ছাত্র ছাত্ৰীয়েই গণিত বিষয়টো ভাল পাবলৈ ধৰিলে ৷
এম ভি স্কুলত  পঢ়া দিনলৈ মই ছাৰৰ প্ৰিয় ছাত্ৰৰ খিতাপ পালো আৰু ছাৰক মোৰ দ্ৰোণাচাৰ্য্য হিচাপে হৃদয়ৰ মাজত বহুৱালো ৷ পাছলৈও ছাৰ চিৰদিনৰ কাৰণে গুৰু দ্ৰোণাচাৰ্য্য হৈয়েই ৰ'ল ৷ আজি ছাৰ আমাৰ মাজত নাই কিন্ত ছাৰে গাঁওখন আৰু শিক্ষাজগত খনক দি থৈ যোৱা অৱদান সমূহ সদাস্মৰণীয় হৈ ৰ'ল ৷ যতেই নাথাকক কিয় ছাৰৰ বিদেহী আত্মাই শান্তিত থাকক তাকেই ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷
মোৰ গাঁৱৰ  অখ্যাত লোক সকলে এৰি থৈ যোৱা বিখ্যাত চানেকিৰে যাতে উৎসাহিত হৈ নৱ প্ৰজন্মই আগুৱাই যাবলৈ সাহস লভে তাৰেই কামনাৰে আজিলৈ সামৰিছোঁ ৷

🖋️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)