জোলোঙাৰ মেকুৰী~অণুগল্প-অংশুমান ভূঞা

  নিৰ্বাচনী সভাত নেতাগৰাকীৰ চকু ডাঙৰ কৰি বুকু ফিন্দাই দিয়া উদাত্ত ভাষণ,প্ৰতিশ্ৰুতিয়ে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পাইছিল।
    আজি আৰক্ষীয়ে হাতকেৰেয়া লগাই নিয়া অৱস্থাত তলমূৰ ওপৰ কৰি চকুত চকু থ'বলৈ সাহস হোৱা নাছিল। হাত চাপৰি বজোৱা হাতবোৰে শৰীৰ স্পৰ্শ কৰে বুলি বুকু কঁ‌পি উঠিছিল।

✍️অংশুমান ভূঞা
চামতা,নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send