🖋️ জহিৰুল ইছলাম, গোৱালপাৰা
তুমি আছা বাবেই শব্দবোৰ পাখি মেলে কবিতাৰ আকাশত
ভাৱবোৰ অনুভৱহৈ কম্পমান
এতিয়া নীৰৱতাৰ সান্নিধ্যত
যেন একুৰা এঙেৰুৱা ফাগুন
ফাগুন গুচি চ'তৰ ফৰকাল সন্ধিয়া
এজাক ধূলিয়ৰি সমীৰণে কাণে-কাণে আহি
কিয়বা সুধিছে আজি, "তুমি কুশলে আছাতো"?
তুমি যে প্ৰয়োজনৰ প্ৰিয়জন।
ৰাজপথত এতিয়া জনতাৰ ভিৰ
নিলাম হ'ব এটি অৰ্ধযুগৰ কবিতা
চাহ মেল নতুবা ভিৰৰ মঞ্চত নৃত্যৰত এজাক প্ৰতিশ্ৰুতি
যেন প্ৰতিশ্ৰুতিৰ বাবেই সিহঁত, আৰু সিহঁতে--
সিহঁতে,- "প্ৰতিশ্ৰুতিৰ নিলামী ঘোঁৰা"।
তুমিতো দেখা নাই কিদৰে তচনচ হয়
প্ৰতিশ্ৰুতিকাতৰ জনতাৰ প্ৰতিশ্ৰুতিৰ বৰ্ণবোৰ
দেখা নাই বৰণ সলোৱা বৰণবোৰো
যʼত শৱদেহৰ দমবোৰে আত্মিয়তাৰ সন্ধান কৰে
শ্মশান নতুবা কবৰস্থানৰ নিৰ্জনতাত।
পাৰিলে খিৰিকীৰ ফাঁকেৰে উকি মাৰি চাবা
ভিৰৰ মাজত ভিৰৰ দৌৰাত্ম্য
কিদৰে শব্দৰ পথাৰত শব্দবোৰ নিঃশব্দ হয়
কোনে জানে----"
ভিৰৰ মাজত ভিৰো কেতিয়া নিৰুদ্দেশ হ'ব
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ