কল্পনাৰ সাগৰত হিল্লোলৰ তুমিয়ে স্ৰষ্টা l কি স্বপ্ন! কি বাস্তৱ ! কি নৈশ ! কি দিবা !
সকলোতে মাথো তোমাৰে প্ৰতিচ্ছবিৰ খেলা, মোৰ কবিতাৰ কাননত সুবাস বিলোৱা l নীল অম্বৰ, শুকুলা ডাৱৰ, মেদিনীৰ সেউজীয়া দলিছা,
এয়া যেন তোমাৰে মায়া l
তুমিয়ে মোৰ হিয়াৰ আমঠু, বুকুৰ কুটুম, হিতাকাংক্ষী l ওহোঁ...... তুমিয়ে মোৰ প্ৰেমৰ গৰাকী l মোৰ কবিতাৰ কাননত সুবাস বিলোৱা ll তোমাৰ দুচকু মুখৰ অভাঁজ ভাঁজত মই বলিয়া l
এক অবুজ, অনামী শিহৰণত পুলকিত হিয়া l এখন অচিনাকী চহৰৰ মই বাসিন্দা l মোৰ কবিতাৰ কাননত সুবাস বিলোৱা ll
তোমাৰে নামত ফুলিল ৰঙা গোলাপ পাহি,
তোমালৈয়ে বুলি গুঠিলোঁ কুসুমৰ মালাধাৰি , বাজি থকা সপ্তসুৰৰ মাজতো শুনিলো তোমাৰে মাতৰ ধ্বনি l
তুমিয়ে মোৰ সূৰ্যোদয়ৰ নিৰৱ কাঁকলি , তোমাতেই বিলিন মোৰ শৰতৰ হেজাৰ শেৱালী l
মোৰ কবিতাৰ কাননত সুবাস বিলোৱা ll
✍️প্ৰিয়ংকা কোঁৱৰ ,গোলাঘাট l
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ