দুখৰ সময়-জিমিৰেখা শৰ্মা

Rinku Rajowar
0
সৰু সৰু জীৱবোৰ
অন্ধকাৰত ডুবিছে
ব্যস্ত জীৱনবোৰ 
নিৰাশাত ভুগিছে।
প্ৰেমিক প্ৰেমিকাবোৰে
ইজনে সিজনক বুজিব
অহৰহ সময় পাইছে
মানৱতাৰ জয়গান ধ্বনি দিয়া
মানৱজাতি আজি
বিভীষিকাৰ পথত
যন্ত্ৰণাময় সময়।
পৰিয়ালবোৰৰ চৌকাবোৰ 
নুমাই নুমাই জ্বলিছে
নিদ্ৰাহীনতাত ভুগিছে
পথভ্ৰষ্ট মানৱে।
ঐক্য সম্প্ৰীতি হেৰাৱ ধৰিছে
সপোনবোৰ নিৰাশ হৈছে
জীৱন ৰক্ষাৰ পথত 
সকলো এতিয়া
প্ৰতিজনে জীৱন ৰক্ষাৰ
একো একোজন ৰক্ষক।
প্ৰতিদিনে সাৰ পাই ভাৱো
এইবোৰ কথা 
সপোন,অতীত হৈ থাকক
সমাজখন একে গতি,পথত মেৰপাক খাই থাকক।

                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)