তুমি মোৰ সপোন-দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
বিশাল জনসমাগমৰ মাজত
মই অকলশৰীয়া নাৱিক আছিলোঁ
মোৰ নিসংগ জীৱনলৈ তুমি আহিলা
সপোন কোঁৱৰ হৈ।
মোৰ জীৱনত তুমি সিচিলা আশাৰ ৰেঙনি
তুমি কোৱা প্ৰতিটো কথাই
মোৰ হৃদয়ত এক অনন্য
অনুভৱ সৃষ্টি কৰে।
মোৰ প্ৰেৰণা তুমি
তুমিয়েই মোৰ সপোন কোঁৱৰ
প্ৰতিটো পল মই
তোমাকেই কাষত বিচাৰোঁ।
মোৰ ঠুনুকা হৃদয়ত তুমি
গোপনে সুখৰ বন্যা সিচাঁ
মোৰ মন ব্যাকুল হৈ পৰে
তোমাৰ সৈতে কথা পাতিলে।
তুমিয়েইতো মোৰ সপোন
তুমিয়েইতো মোৰ আপোন
তুমিয়েইতো মোৰ সকলোবোৰ
মই নিজকে বিচাৰি পাওঁ
তোমাৰ মাজত।

✍🏻দিপশিখা ৰাজকোঁৱৰ।
    একাদশ শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)