মহামাৰী-দিপ্লু শৰ্মা

কালৰ বিধংসী ৰূপত ,
মহামাৰী কৰোনা ।
নিস্তব্ধ হল জনজীৱন ,
চাৰিওফালে শূন্যতা ।
চাৰিওফালে চোন,
মৃত্যুৰ কিৰিলী আৰু কাতৰ চিঞৰ ।

কাৰ আৰ্তনাদ কোনেনো শুনিব‌,
কবলৈও চোন আজি কোনো নাই ।

মহামাৰীৰ কৰাল গ্ৰাসত ,
আমি সকলো সংকটত ।
ভেদ-ভাৱ পৰিহাৰ কৰি ,
কৰোনাৰ এয়া যুদ্ধ কৰিছোঁ আমি ।

গৌৰৱ,অহংকাৰ , হিংসাৰে,
চানী ধৰিছো সকলো আমি ।

মনৰ ইশ্বৰক মনতে ভাবি ,
আহা মহামাৰীক ,
পৰাজয় কৰোঁ আমি ।

জয়ী হৈ কৰোনাক জিনিম,
ইজনে সিজনক সহায় কৰিম ।

আতৰিব আকাল ,
সুখ শান্তিৰে উজ্বলিব 
দেশৰ ভৰাল ।

মহামাৰীৰ ৰূপ দেখি ,
ভয় নাখাবা তুমি,
সাহসেৰে যুঁজিব
লাগিব  যে  আমি । 


🖋️ দিপ্লু শৰ্মা 
বেলতলা ,বশিষ্ঠ,গুৱাহাটী ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send