জীৱন চলাৰ আপুৰুগীয়া সপোন ,
জীৱনত আগবাঢ়ি যোৱাৰ সপোন ,
জীৱনৰ অৰ্ধেক কাল যুঁজি
বুকুত সাঁচি ৰখা সোণোৱালী সপোন ।
এটি সপোন
নিবনুৱাই ডিগ্ৰীৰ সলনি
বুকুত বান্ধি ৰখা দুষ্প্ৰাপ্য সপোন ,
যি সপোন বাস্তৱিত কৰিবৰ বাবে
পঢ়িছে বাতৰি কাকত
প্ৰতিলিপি কৰিছে প্ৰমাণ পত্ৰ
মৰণত শৰণ দি অনলাইন আবেদন কৰি
ফুৰিছে সাক্ষাৎকাৰ দি
বুকুত দুষ্প্ৰাপ্য সপোনৰ বাসনা লৈ ।
এটি সপোন
টেবুলে টেবুলে বাগৰ সলাইছে
এটি বাসনা বন্দী হৈছে ফাইলৰ তলত
এটি হেঁপাহত পৰিছে ধূলি
বগা কাগজত জমিছে ময়লা
জুহাল জ্বলিছে বুকুত
উশাহৰ আকুলতা অভ্যুদয় হৈছে ,
ভালপোৱাবোৰে দুৱাৰ টুকুৰিয়াইছে
মনটো কাৰাৰুদ্ধ বন্ধ কোঠালীত
আশাবোৰ দিনে দিনে কমি আহিছে ।
আত্মা অনুচৰ হৈছে কফিনত
ধৈৰ্য্য দৌৰি ফুৰিছে
এটি কাগজৰ টুকুৰাৰ বাবে
ভালপোৱাবোৰ ৰৈ আছে অধীৰ আগ্ৰহেৰে
এটি নিযুক্তি পত্ৰৰ বাবে ।
🖋️মাণিক পাল
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ