প্ৰিয়তমা-কবিতা~ভাগ্যৰাজ গগৈ

©Admin
0
বুকুৰ ভাঁজত মুঠি মুঠি কৈ থোৱা
শব্দৰ প্ৰণিকাক,চিঁয়াহিৰে বোৱাই
বগা কাগজৰ উকা পৃষ্ঠাত তোমালৈ বুলি লিখিলো এটি কবিতা।
শব্দৰ অভাৱ হয় জানা তোমাৰ
প্ৰশংসাত ।
হৃদয়খনো প্ৰেমত উঠলি উঠে
তোমাৰ নামৰ ব্যকুলতাত ।
তোমাৰ দুহাতত গুজি মোৰ ভাৱনাত
ব্যস্ত থাকো প্ৰতিক্ষণে সুখী হোৱাৰ আখৰাত ।
হৃদয়ৰ আল্পনাত লাগিল
কেঁচা তেজৰ দাগ ।
তথাপিও ভগ্ন হৃদয়খনৰ প্ৰতিটো অংশত এটি মাত্ৰ নাম 
সেয়া কেৱল তোমাৰ প্ৰিয়তমা।

🖋️ভাগ্যৰাজ গগৈ
তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)