নীলা খামৰ চিঠি-মেঘালী বৰুৱা

মৰমৰ বৰ্ষা, কেনে আছা নোসোধো কিয়নো মেঘে ঢকা আকাশে মোক তোমাৰ বতৰা দি যায়। বসন্তৰ কিনকিনিয়া প্ৰথমজাক বৰষুণেও কয় মাথোঁ তোমাৰ আগমনৰ কথা। জানা বৰ্ষা আকাশত যেতিয়া মাদল বাজে কৃষকৰ দুচকুতো আশাৰ চিকমিকনি জাগে। কিয়নো তোমাৰ বুকুতে পৰি থাকে পথাৰৰ সেউজীয়া আঁচল।এই সেউজীয়া আঁচল উৰুৱাই তুমি হৈ পৰা এজনী ভৰ যৌৱনা গাভৰু।তোমাৰ স্পৰ্শত খাল, বিল, নৈ, জান সাগৰ আদিৰ বুকু ওফন্দি গাভৰু হয়। নৈ-বিলে ঢাপলি মেলে শস্যৰ পথাৰলৈ। পথাৰেও তেতিয়া পূৰ্ণতা পায় উঠে। কিয় জানা তোমাৰ চঞ্চলতাক যে কোনেও বাধা দিব নোৱাৰে। মেঘৰ বুকু ফালি ঝিৰঝিৰাই নামি অহা এজাক দোপালপিতা বৰষুণে মোক ধুৱাই লৈ যায়। ফাগুনৰ ধূলিয়ে একাকাৰ কৰা মোৰ দেহটো পুনৰ সজীৱ হৈ উঠে। এই বৰষুণৰ সৈতে ঢৌ বোৰে নিশ্চয় কিবা খেল খেলে জানা। প্ৰাণ পাও বৰ্ষা তোমাৰ স্পৰ্শত মই। কিন্তু তুমি পথৰ ধূলি তিয়াই আকৌ কিয় গুছি যোৱা! বৰ্ষা তুমিয়েই গীতিকাৰক সুৰৰ সন্ধান নিদিয়া জানো। সাহিত্যাকাশত  মোৰ সমগ্ৰ সৌন্দৰ্য বৃদ্ধিৰ হোতা হোৱা তুমি। তুমিয়েই সকলো হিংস্ৰতা ধুই নিকা কৰি সুস্থ বাতাবৰণ গঢ়াৰ উৎদেশ্যে দি যোৱা এক স্নিগ্ধ নিৰ্মল পুৱা।
     মেঘে মেঘে ঠেকা খোৱা বিজুলী-ঢেৰেকনীয়ে পৃথিৱীক ক্ষণিকৰ বাবে সাৱটি ল'লেও মই চঞ্চল হৈ পৰো নিজকে সজায় তুলিবলৈ। তোমাৰ আগমনত প্ৰাণৱন্ত হয় এই ময়াময় ধৰা।। বৰ্ষা তুমি যেন ঋতু নহয় মোৰ প্ৰেমিকা তোমালৈ ৰৈ আছোঁ, মাথোঁ বিষাদ হৈ নাহিবা আনন্দেৰে মোৰ বুকুলৈ নামি আহা।

ইতি
তোমাৰ অপেক্ষাত
মই প্ৰকৃতি।  

🖋️ মেঘালী বৰুৱা
গাওঁ/ডাক হাজৰিকাপাৰা
জিলা-দৰং(অসম)
পিন-৭৮৪১৪৫

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send