টাঙ বাই দাঙ চি (螳臂当车 )-চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
এবাৰ  চীনৰ সম্ৰাট কাই সৈন্য সামন্ত লগত লৈ মৃগয়ালৈ ওলাল ৷ ৰজাই ৰথ চলাই গৈ থাকোতেই হঠাত এটা গাগিনী এটাই নিজৰ দীঘল হাত দুখন মেলি বাট ভেঁটি ধৰিলে ৷ ৰজাই ৰথখন একাষৰীয়া কৰি সকলো সৈন্য সামন্তক থামি ৰ'বলৈ  আদেশ দিলে ৷ এটা সামান্য কীটৰ বাবে  ৰজাই আদেশ দিয়াত আশস্ত হৈ সেনাপতিয়ে তাৰ কাৰণ সোধাত ৰজাই ক'লে- সামান্য কীটটোৱে মোৰ ৰথ ৰখোৱাৰ সাহসক মই ধন্যবাদ জনাই এই আদেশ দিলো ৷ সি মানুহ হোৱা হেতেন নিশ্চিন্ত এজন প্ৰসিদ্ধ যোদ্ধা হ'ল হেতেন ৷ ৰজাৰ এই কথাত উৎসাহিত হৈ পৰবৰ্তীকালত সৈন্য সামন্ত সকলে পূৰ্ণ পৰাক্ৰমেৰে যুদ্ধ কৰিছিল ৷ চীনা সকলে এই ঘটনাটোকে টাঙ বাই দাঙ চি মানে ৰথ ৰখোৱা গাগিনী উদ্ধৃতিৰে উৎসাহিত কৰে ৷
কাহানিটো পঢ়ি প্ৰয়োজন সাপেক্ষ কেতিয়াওবা বাওনা হৈও চন্দ্ৰ লৈ হাত মেলিব লাগে বুলি ভাবি কনিষ্টবল ৰতনে এচ পি চাৰক পোনে পোনেই আত্মঘাতী সন্ত্ৰাসবাদী কেইটাৰ খবৰ দিবলৈ বুলি মোবাইলটো হাতত তুলি ল'লে ৷


🖋️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)