স্বপ্ন- জুৰি দাস

পূবৰ আকাশত জিলিকি উঠা
এটুকুৰা মেঘৰ আঁৰত
লুকাই আছা , কোন তুমি ?

নিশাৰ আন্ধাৰত উজ্জ্বল হৈ জিলিকি থকা
তৰাৰ মাজত , কোন তুমি ?

লুইতৰ বুকুত নাচি থকা
সুন্দৰী , কোন তুমি ?

তোমাৰেই হাতৰ পৰশত সাৰ পাই
চিনাকি হʼলো ধৰাৰ সতে
কোন তুমি ?

হয়,,,
সেইজনীয়েই মোৰ মা
চিৰ চেনেহী মা।।
                    
✍️ জুৰি দাস
      ছিপাঝাৰ মহাবিদ্যালয়
      ইংৰাজী বিভাগ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send