দুৰ্ভগীয়াৰ ত্যাগ-প্ৰশান্ত কুমাৰ দাস

©Admin
0
বকুল জোপাৰ তলত ৰৈ থকা নিকিতে ময়ূৰীক দেখা পাই আগ্ৰহেৰে সুধিয়েই পেলালে...

নিকিত :- কোৱাচোন কিয় মাতিছিলা ?
ময়ূৰী :- তোমাক কিছু ক'বলগীয়া আছে ।
নিকিত :- কোৱা আকৌ.. 
ময়ূৰী :- (থুকাথুকি মাতেৰে) এই সেন্দূৰকণ লোৱা নিকিত , ঘঁহি দিয়া মোৰ কঁপালত...
নিকিত :- কি কোৱা ময়ূৰী , মোক অলপ সময় দিয়া - মাত্ৰ কিছু দিন আৰু...
ময়ূৰী:- তেন্তে মই নোৱাৰিম আৰু নিকিত , দেউতাক মই সৈমান কৰাব নোৱাৰিম... মই যাওঁ... 
    
    তাইৰ যোৱাৰ পিনে একেথৰে চাই ৰ'ল সি । কি কৰিব সি ? বেকাৰত্বৰ সাজযোৰে যে তাৰ পিছ নেৰা হৈছে ...

✍️ প্ৰশান্ত কুমাৰ দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)