এগৰাকী জনপ্ৰিয় আৰক্ষী বিষয়াৰ কথাৰে-জুলহাছ আলী আহমেদ

©Admin
0
কিছুদিন আগলৈকে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি  আছিল তেওঁ। নিজৰ ওপৰত ন্যস্ত প্ৰশাসনিক দায়িত্বৰ কৰ্তব্য পালন কৰি যোৱাৰ লগতে তেওঁ জনসাধাৰণৰ লগত গঢ়ি তুলিছিল সুমধুৰ সম্পৰ্ক। জীৱন যুদ্ধত তেওঁ সংগী কৰি লৈছিল গীটাৰক। সময় উলিয়াই লিখি গৈছিল তেওঁ অনেক কবিতা , তাৰ মাজেদি আকৌ চৰ্চা অব্যাহত ৰাখিছিল সংগীতৰ। হয় , বৰ্তমান নগাঁও জিলাৰ আৰক্ষী অধীক্ষক ৰূপে কৰ্মৰত শ্ৰী আনন্দ মিশ্ৰৰ কথাই ক'ব খুজিছোঁ। তেখেত ধুবুৰী জিলাৰ পৰা নগাঁও জিলালৈ স্থানান্তৰিত এগৰাকী দক্ষ , বিচক্ষণ , সাহসী আৰু কৰ্মনিষ্ঠ আৰক্ষী অধীক্ষক। এইগৰাকী সুদক্ষ IPS বিষয়াই নিজৰ কৰ্মৰাজিৰ দ্বাৰা কিদৰে জনতাক প্ৰভাৱান্বিত কৰিব পাৰি তাৰ এক অনন্য উদাহৰণ ৰাখি থৈ গৈছে । অদম্য শক্তি , অফুৰন্ত সাহস আৰু নিৰলস যোদ্ধা শ্ৰীমান আনন্দ মিশ্ৰ সঁচাকৈয়ে এগৰাকী ব্যতিক্ৰমী আৰক্ষী বিষয়া। তেখেতৰ কৰ্মস্পৃহা আৰক্ষী বাহিনীৰ বাবে উৎসাহ আৰু সাহসৰ খোৰাক হওঁক। নিজৰ কৰ্মৰাজি আৰু চিন্তাৰ মাজেৰে তেওঁ এনেদৰেই সৰ্বসাধাৰণৰ মন জয় কৰি যাওঁক। কেইবাবাৰো সন্মানসূচক বঁটা লাভ কৰিবলৈ সক্ষম হোৱা শ্ৰী আনন্দ মিশ্ৰৰ জনসম্পৰ্কৰ ক্ষেত্ৰটো এটা বিশেষ সুনাম আছে , যিটো ইতিমধ্যে পৰিস্ফুট হৈ পৰিছে। আমি আশাবাদী যে , তেওঁৰ নেতৃত্বত নগাঁও জিলাখন আগুৱাই যাওঁক। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত শান্তি , সমন্বয়ৰ সেতু গঢ় লৈ উঠক। অপৰাধ-অপকৰ্ম তথা অসামাজিক কাৰ্যকলাপ ৰোধ হোৱাৰ লগতে জিলাখনৰ পৰা সমূলঞ্চে ড্ৰাগছকে ধৰি নিচাজাতীয় দ্ৰব্য নিৰ্মূল হওঁক ।

✍️ জুলহাছ আলী আহমেদ
      জাগীৰোড, মৰিগাঁও (অসম)
      মবাইল : ৯৭০৬৬-৬৬১৯২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)