ক'ত তুমি বাস কৰা ?
এদিন দি যাবা তোমাৰ ঠিকনা ৷
মাক সুধিছোঁ,মায়ে ক'ব পৰা নাই...
দেউতাই কৈছে তুমি হেনো এজনৰ পৰা আন এজনৰ দেহলৈ যাব পৰা এটি অদৃশ্য ভয়ানক শক্তি ৷৷
আজিকালি তোমাৰ কথা বৰকৈ শুনিছোঁ :
দেউতাই কৈছে ,
ৰজা-মহাৰজায়ো হেনো
তোমাৰ ভয়ত থৰ-থৰকৈ কঁপিছে ৷
এখন দেশৰ পাছত আন এখন দেশক সাবটি ধৰিছা
সমগ্র বিশ্ব আজি তোমাৰ ভয়ত কম্পমান ৷৷৷
সুযোগ বুজি দপদপাই আগুৱাই আহিছা .....
মানৱ জাতিৰ ওপৰত জঁপিয়াই পৰিছা
যমৰজা অথবা মৃত্যুদূত হৈ ৷
দেউতাই কৈছে ,
মাস্ক , ছেনিটাইজাৰ আৰু
সামাজিক দূৰত্ব তোমাৰ হেনো প্রধান শত্ৰু !!!!
সেয়েহে আজিকালি মই
বাৰে বাৰে হাত ধুই থাকোঁ
মাস্ক পিন্ধো আৰু
ঘৰতে সোমাই থাকোঁ !!!
এতিয়া কোৱাছোন কৰ'না
ক'ত তোমাৰ ঘৰ ?
ক'ত তুমি বাস কৰা ?
এদিন দি যাবা ,
তোমাৰ ঠিকনা !!!!!
✍️মিৰজান আলী
নলবাৰী
Thanks All Bohut Bohut Vall Lgil
ReplyDeleteধন্যবাদ
Delete