নাৰী আৰু বৰ্তমান সমাজৰ মানসিকতা-ৰীতামণি বৰা

©Admin
0
‌হিন্দু ধর্মত নাৰীক দেৱী ৰূপে পূজাও কৰা হয় , যাৰ কাৰণে গোৱা হয় যে-

“য়া দেবী সর্বভূতেষু বিষ্ণুমায়েতি শব্দিতা ।

নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ” ।

নাৰী মানৱজাতিৰ আয়ুসৰেখা । নাৰীৰ অবিহনে পৃথিৱীত সৃষ্টিৰ গতিশীলতা কোন দিশে ধাৱমান হ’ব তাক অনুমান কৰিব নোৱাৰি । নাৰীৰ অবিহনে নাথাকিব জীৱন অথবা নাথাকিব কোনো সমাজ । মানৱ জাতিৰ সৃষ্টিৰ ঘাই শিপাডালেই হৈছে নাৰী। নাৰী অবিহনে পৃথিৱীৰ সকলো অস্তিত্বহীন , আমি জানো যে বিনন্দীয়া পৃথিৱীত বাস কৰা জীৱৰ ভিতৰত মানুহ নামৰ জীৱবিধেই দাবী কৰে আমি শ্ৰেষ্ঠ জীৱ। অতীজৰ পৰা মানুহৰ চিন্তাধাৰা , বিচাৰ-বুদ্ধিয়েই সকলো জীৱতকৈ শ্ৰেষ্ঠ বুলি প্ৰমাণিত হৈ আহিছে । তেনে মানৱ জীৱনত আমি সমাজত ঘটি থকা বিশৃংখল বিকৃত ঘটনাবোৰক লৈ প্ৰায়ে কিয় অপমানিত অনুভৱ কৰি বলগীয়াত পৰোঁ ? দৈনন্দিন সমাজত ঘটি থকা যিবিলাক অপ্ৰীতিকৰ দুৰ্ঘটনা আমি দেখিবলৈ-শুনিবলৈ পাওঁ তাত এচাম ব্যক্তিয়ে মহিলাক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে , যেতিয়া এটা পৰিয়ালত এজনী কন্যা সন্তানৰ জন্ম হয় তেতিয়াই আৰম্ভ হয় বিবাদ , ওচৰ-চুবুৰীয়াৰ হাঁহি , পৰিয়ালৰ আপোন মানুহবোৰ হৈ পৰে অচিনাকী আৰু যেতিয়া লৈকে ল'ৰা সন্তান জন্ম নহয় তেতিয়ালৈকে অত্যাচাৰ শেষ নহয়। আনহাতে মাহেকীয়া ঋতুস্ৰাৱ ৰ যন্ত্ৰনা শান্তিৰে থাকিব নোৱাৰি চটফটাই ফুৰা সেই কষ্ট কি আনে জানিব বুলি মনে মনে সকলো যন্ত্ৰনা সহ্য কৰি থকা গৰাকীও নাৰী। নিজৰ পিতৃ মাতৃৰ ঘৰৰ পৰা হাজাৰ সপোন বুকুত লৈ নতুন ঘৰখনলৈ বিয়া দি উলিয়াই দিয়া নৱবিবাহিতা কন্যা গৰাকীয়ে জানে সেই দুখ কি !যেতিয়া প্ৰতিটো দিনত নিজৰ মাক -দেউতাকক ধৰি গালি পাৰে , কথা শুনাই সেই সময়ত সেই নাৰী গৰাকীৰ কেনে লাগে কেৱল সেই নাৰী গৰাকীয়ে অনুভৱ কৰিব পাৰে ।যৌতুকৰ নামত যেতিয়া কেৰাচিন ঢালি দিয়ে নিজৰে স্বামীয়ে , সেই দুখ কি সকলো কষ্ট ত্যাগ কৰিব পৰা একমাত্ৰ অসহায় নাৰী গৰাকীয়ে জানে । সেই সকলোবোৰ হৃদয়ত সোমোৱাই চিন্তা তেওঁৰ সন্তানে কি খাব , কেনেকৈ ভাল মানুহ হ'ব। সন্তানৰ বেমাৰত ওৰেৰাতি সাৰে থকা , নিজে নাখাই সন্তানৰ বাবে সাঁচি ৰখা সেই নাৰীক যেতিয়া সন্তানে বৃদ্ধ অৱস্থাত বৃদ্ধাশ্ৰমত এৰি আহে তেতিয়া সেই নাৰী গৰাকীয়ে হে অনুভৱ কৰিব পাৰে সেই দুখ। কিছু সময় ঘৰলৈ অহাত পলম হ'লে যেতিয়া ওচৰ চুবুৰীয়াই বুবু-বাবা কৰে , যেতিয়া এগৰাকী সৎ নাৰীৰ চৰিত্ৰত আঘাত হানে তেতিয়া সেই ওচৰ চুবুৰীয়াৰ ঘৰত থকা নাৰী গৰাকীৰ কথা এবাৰ অনুভৱ কৰিব লাগে। পূজাত দেৱীক আদৰি আনে নাচ গান কৰি আৰু যেতিয়া নাৰী দেখে অসৎ চকুৰে চাই , চাউল মুখলৈ চতিয়াই , এইয়াই আমাৰ নাৰীৰ প্ৰতি থকা সন্মান । ছিঃ এনে নৰপিশাচ ৰূপী মানুহবোৰ ! সকলো সহ্য কৰি আমি মনে মনে এখন মুখা পিন্ধি আনৰ আগত গৰ্ব কৰিছোঁ , সুখী আছোঁ ! সকলো আছে , সুখী আমি ? আচলতে কিমান সুখী আমি ? ঘৰখনৰ সকলো কাম কৰাৰ পাছত যেতিয়া আনৰ কথা বা কঠোৰ বাক্য শুনিব লগীয়া হয় সুখী হয় আপুনি। আমাৰ গৰ্ভতে জন্ম লৈ আমাৰ সকলো অধিকাৰ কাঢ়ি আমাৰ সকলো ইচ্ছাক দমন কৰি ৰখা আমি এনে এখন দেশৰ নাৰী!  
 হঠাৎ ঘৰত অসুবিধা হ'লে ৰাতি বা দিনত যেতিয়া ঘৰলৈ আহিব লগা হয় ,গাড়ী বা ৰেলত উঠিবলৈ ভয় শংকা এই সকলো বোৰত কম্পমান হৈ আনৰ ধৰ্ষণৰ বলি হোৱা আমি নাৰী । এই নাৰীৰ পৰাই জন্ম হৈ নাৰীকে বলাৎকাৰ কৰিব পাৰিলি নিজৰ মাতৃকনো কি বুলি পূজিবি ? পশুতকৈও নিকৃষ্ট তহঁত , সন্ত্ৰাসবাদীতকৈও ভয়ংকৰ তহঁত , ধিক্কাৰ তহঁতক , তহঁতৰ দৰে সন্তান এই দেশত জন্মিল। নাৰীৰ ওপৰত চলা নিৰ্যাতনেই সাম্প্ৰতিক সময়ৰ আটাইতকৈ প্ৰত্যাহ্বানকাৰী এটা সামাজিক সমস্যাৰূপে থিয় দিছে। তাৰ প্ৰতিকাৰৰ বাবে সমাজ জীৱনৰ আংশীদাৰ ৰূপে প্ৰতিগৰাকী মহিলাৰ দায়িত্ব আৰু কৰ্তব্য আছে , কাৰণ বিভিন্ন ৰূপত নাৰী নিৰ্যাতন চলি আছে , আনকি এই নিৰ্যাতনৰ পৰা কন্যাশিশুও বাদ পৰা নাই। কন্যা শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতন ৰোধ কৰাৰ ক্ষমতা কেৱল মহিলাৰহে আছে আৰু সেই মহিলাগৰাকী হয় মাক বা মাতৃস্থানীয় যিকোনো মহিলা। ষোল্ল বছৰৰ তলৰ কন্যা সন্তানক শিক্ষা দিয়া যিমান জৰুৰী,যৌন সুৰক্ষা দিয়াটো তাতোকৈও জৰুৰী। তেতিয়াহে কন্যাশিশু যৌন নিৰ্যাতনৰ পৰা সুৰক্ষিত হ’ব।বৰ্তমান ভাৰতত প্ৰতি 20মিনিটত এটাকৈ ধৰ্ষণ ৰ ঘটনা সংঘটিত হয়। "ভাৰত ধৰ্ষণ ক্ষেত্রত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত। 2005চনৰ পৰা 2014চনলৈকে নিৰ্যাতিত মহিলা -৬৮,৩২৯,ধৰ্ষণ বলি-১৫,৯৩১ । মৃত্যু বৰণ কৰা ৭৮ গৰাকী,তদুপৰি ২০১৬-১৭বৰ্ষত ৰাজ্যখনত নাৰী বিৰুদ্ধে নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল ৮৭৭১টা। ২০১৭-১৮ বৰ্ষত সেই সংখ্যা আছিল ৮৩৩৫টা। ইয়াৰ উপৰিও নাৰী সৰবৰাহকাৰীয়ে বহু নাৰীক বহিঃৰাজ্যলৈ সৰবৰাহ কৰা ঘটনাও ঘটি আছে। উক্ত দুটা বছৰত ৯১০৮গৰাকী নাৰী ৰাজ্যৰ পৰা সন্ধানহীন হৈছে। 
গড়ে দৈনিক অসমত ৪টাকৈ ধৰ্ষণ, ২৩টাকৈ নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে । আনহাতে, ৰাজ্যখনৰ পৰা দৈনিক নিৰুদ্দেশ হয় ১২জনীকৈ নাৰী।এতিয়া আৰু বৃদ্ধি পাইছে। বৰ্তমান এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীৰ ভাব-ভংগী , মানসিক অৱস্থা বুজাটো নিতান্তই প্রয়োজনীয় হৈ পৰিছে ৷ জন্মৰ পৰা মৃত্যুলৈকে নাৰীয়ে যিখিনি কষ্ট সহ্য কৰিব লগা হয় সেই কষ্টৰ মূল্য কাৰো সৈতে তুলনা নহয়৷ সকলোতকৈ আচৰিত কথা এইটোৱে যে ইমান অবিচাৰ-অত্যাচাৰ , নির্যাতন সহ্য কৰাৰ পিছতো নাৰীয়ে সদায়েই পুৰুষক ভক্তি আৰু বিশ্বাস কৰি আহিছে ৷ আজিৰ যুগত নাৰীৰ ওপৰত যি হিংসা , নির্যাতন , ধর্ষণ চলাই অহা হৈছে , সেই বিষয়ে প্রতিবাদ কৰিলেই বা আলোচনা-চক্র পাতিলেই সমস্যাৰ সমাধান নহয়৷ বৰ্তমান সময়ত প্ৰত্যেক গৰাকী অভিভাৱকে নিজৰ সন্তানক সৰুৰে পৰা এগৰাকী নাৰীক সন্মান কৰিবলৈ শিকোৱা উচিত ৷ নাৰীক সহজলভ্য বুলি নাভাবি সন্মান আৰু শ্রদ্ধা কৰা উচিত । কাৰণ একমাত্ৰ নাৰীকে কোৱা হয় মমতাময়ী , কৰুণাময়ী । আদৰ্শ , দয়া , মমতা , সহনশীলতা , ধৈৰ্য , ত্যাগ আদি বিভিন্ন গুণৰ অধিকাৰী বুলি । বৈদিক যুগতো নাৰীক সমাজত উচ্চ স্থান দি আহিছে ।
       আমি নাৰী পদে পদে আনৰ ধৰ্ষণৰ বলি হ'ব নোৱাৰো , আমাক উপভোগ কৰিবলৈ চেষ্টা নকৰিব , আমাৰ পৰাই জন্ম আপুনি।

✍️ৰীতামণি বৰা 
     নৰ্থ লখিমপুৰ মহাবিদ্যালয় 
     লখিমপুৰ , লালুক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)