ধাৰুৱা সুখ-অনামিকা গোৱালা

©Admin
0
সন্ধিয়া কামৰ পৰা উভতি ৰহিমে অলস দেহাটো চকীখনত এৰি দিলে ৷ পলাশীয়ে পানী এগিলাচ যাচি লগতে বহিলহি ৷ ৰহিমে হুমুনিয়া এটা কাঢ়ি পুতেকৰ বিয়াৰ বাবে লোৱা লোনৰ পৰা তেওঁৰ প্ৰতি দৰমহাতে ১০০০০ টকাৰ মোটা অংশ এটা কটাৰ কথাষাৰ পলাশীৰ আগত ব্যক্ত কৰিলে ৷ পলাশীৰ চকুৰ আগত ভাহি আহিল বোৱাৰীৰ গহনাৰ আধা পইচা তেতিয়াও দিয়া হোৱা নাছিল ৷ ফোনৰ ৰিংটনটো বাজি উঠাত ৰহিমে পকেটৰ পৰা উলিয়াই চাই দেখে কেটাৰিংৰ মালিকজনাৰ ফোন ৷ 

✍️অনামিকা গোৱালা
শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)