এমুঠি সুবাস-কবিতা~ধৃতাশ্ৰী বৰ্মন

জীৱন এনেকুৱা এখন নাটক 
যিখন নাটকত 
সুখ-দুখৰ-অনুভূতিবোৰ 
নৈৰ দৰে বৈ যায়। 

নাভাবিবা মোক অবুজ বুলি 
জীৱনে দিয়া উপহাৰবোৰে 
বহু কথাই শিকাইছে
সংঘাত মোৰ জীৱনৰ লগৰী।

দোভাগ ৰাতি সাৰে থকা 
প্রতিজনেই প্রেমিক নহ'বও পাৰে 
সংঘাত কি সেইজনক সোধা
যাৰ দুচকুত টোপনি নাই। 

এটি প্রশ্ন?
 এটি সাঁথৰ!
মোৰ চকুযুৰীয়ে এতিয়া 
কাজল সানিব বিচৰা নাই। 

বিচাৰোঁ এমুঠি সুৱাস 
 সিচিব খুজোঁ 
এমুঠি প্রেমৰ 
    জোনাক। 

 ✍ধৃতাশ্রী বৰ্মন
দৰ্শন বিভাগ,নলবাৰী।

Post a Comment

Previous Post Next Post