ঘৰ-সন্দিপনি তাছা

©Admin
0

🖋️ সন্দিপনি তাছা
অসম কৃষি বিশ্ববিদ্যালয়



এহহ, কত যে থৈছে নহয় চাহ পাতৰ টেমাটো!! বিচাৰোঁতে বিচাৰোঁতে মূৰটো হে বিষাই গৈছে। "কত থৈছ অ হাৰামী?", মই তালৈ চাই সুধিলো। সি উত্তৰ দিবলৈ চেষ্টা কৰিছে কিন্তু বেচেৰাৰ মাতেই ওলোৱা নাই। "উঁহ উঁহ...", তাৰ মুখৰ পৰা মাথোঁ সেইকেইটা শব্দই বাহিৰ হৈছে। " হ'ব দে । বাদ দে মই নিজেই বিচাৰি লম।", মই তাক কলো। নিজেই বিচাৰিব লগা হৈছে।

"ঔ ইয়াত সোমাই আছে!", টেমাটো বিচাৰি পাওঁতে মোৰ মুখৰ পৰা কথাষাৰ অভ্যাস বশতঃ ওলাই আহিল। এক চামুচ চাহ পাত, ডেৰ কাপ পানী, আধা চামুচ চেনী আৰু অলপ আদা। অহ, আদা লোৱাই হোৱা নাই! ফ্ৰিজত চালোঁ! খানাৰে ভৰি আছে গোটেই ফ্ৰিজটো। ইহঁতে একো খোৱাই নাই চাগৈ। আদা একেবাৰে তলৰ খাপত আছে। হাউলি আদা এটুকুৰা উলিয়াই আনিলো। তলৰ খাপটো সুমুৱাই দিছোঁ হে। আহ! মিঠাইও আছে তাৰ ওপৰৰ খাপটোত। মিঠাইৰ পেকেট আৰু আদা টুকুৰা লৈ পাকঘৰলৈ উভতি গলোঁ। আদা টুকুৰা থেতালি চাহত দি উতলালৈ ৰখিলো।

চাহ কাপত শুহা মাৰি তাৰ ৰূমলৈ সোমাই গলো। মিঠাইটো এটা কামুৰতে শেষ হ'ল। চাহ কাপ অৱশ্যে ভাল হৈছে। অহঃ, গেছ ষ্টোভটো ফু মাৰি হে নুমুৱালো অফ কৰাতো নহ'লেই। এহ, হব দে সি নিজেই কৰি লব। ৰুমটো অৱশ্যে ধুনীয়াকৈ সজাই থৈছে। মোৰ ৰুমটো ইয়াৰ সম্পূৰ্ণ বিপৰীত অৱস্থাত থাকে। কিতাপেৰে দুটা আলমাৰি ভৰি আছে। ওচৰৰ পৰা চাওঁচোন কি ধৰণৰ কিতাপ আছেনো? উ উ.. এইবোৰ চব দেখোন আইন আৰু কিবা কম্পিউটাৰৰ কিতাপ। বৰ নিৰস মানুহ!! উহোঁ নহব।

টেবুলৰ সন্মুখত এখন বৃহৎ বোৰ্ড। এগাল মান ফটো লগাই গোটেইখিনি collageৰ নিচিনাকৈ সজাই থৈছে। অৱশ্যে ৰঙা সূতাৰে ইখনৰ সৈতে সিখন ফটোক লগ লগাই থৈছে। ৰঙা সূতা ডালে গোটেই বোৰ্ড খনক মকৰা জালৰ নিচিনাকৈ আৱৰি থৈছে। মোৰ ফটো এখনো থৈছে। ফটোখন আঁতৰাই আনি চালোঁ। বাঃ, ফটো খনত দেখোন মোক একদম দক্ষিণৰ চিনেমাৰ "হিৰ"টোৰ নিচিনাই লাগিছে। মই ৰাখিয়েই থওঁ ফটো খন। বৰ্ডৰ ওপৰতে এটা খাপ সাজি তাতে বস্তু কিছুমান থোৱা আছে। মই তালৈ হাত মেলোতেই কিবা বটল এটা সৰি পৰি জুলীয়া  কিবা এবিধেৰে গোটেই বোৰ্ড খন তিতি গল। এতিয়াহে মন কৰিলোঁ বোৰ্ড খন কাপোৰৰ। গোটেইখনেই তিতি গল। ইচ, ইচ... মই হাতেৰে চুই চালোঁ। বেয়াকৈ তিতিলে এতিয়া শুকাবলৈ অলপ সময় লাগিব। গোন্ধ ললোঁ, অঃ চেনিটাইজাৰ । একো নাই এক ঘণ্টাৰ ভিতৰত শুকাই যাব।

তাৰ টেবুললৈ চালোঁ। লেপটপ এটা আছে। মেলিলোঁ, HPৰ দামী লেপটপ। ৱাঃ, অৱশ্যে ধনী মানুহ , আৰ্জন ভাল ল'বই। অন কৰিলোঁ, পাচৱৰ্দ দি থোৱা আছে। তাক মাতিবলৈ লৈও ৰৈ গলো। সি মোক তাৰ লেপটপৰ পাচৱৰ্দ কেতিয়াও নকয়!! আৰু ক'বও নোৱাৰে , কেনেকৈনো কব! বেছেৰাৰ মাতেই  ওলোৱা নাই। তাৰ প্ৰেমিকাৰ নাম আৰু তাৰ মাকৰ জন্মৰ চনটো মাৰি চালোঁ। খোল খাই গল। ধুত্ত!! ইমান সহজ পাচৱৰ্দ দিয়ে নেকি!! বাৰু যিয়েই হওঁক কি চিনেমা আছে চাওঁ। গোটেই লেপটপত বিছাৰিলোঁ। নাই, এখনো চিনেমা নাই। অকল মোৰ ভিডিঅ' আৰু ফটো এসোঁপা সুমুৱাই থৈছে। ধেত্ত!! নাপাই নহয় মোক নুসুধাকৈ মোৰ ভিডিঅ', ফটো নিজৰ লেপটপত সুমুৱাই থব। চব ডিলিট কৰি দিলোঁ। দেষ্কটপ আৰু ৰিচাইকল বিন দুয়োটাৰ পৰাই সম্পূৰ্ণ কৈ ডিলিট কৰি দিলোঁ। লেপটপটো অফ কৰি দিলোঁ।

ড্ৰয়িং ৰূমলৈ গলো। সি মজিয়াতে বহি আছিল। তাৰ তলুৱাৰ পৰা ওলাই থকা তেজেৰে গোটেই মজিয়া ৰঙা হৈ গৈছে। দেটল বিচাৰি তাৰ ৰূমলৈ দৌৰ মাৰিলোঁ। নাই , তাৰ ৰুমত ডেটল নাই। টেবুলৰ ওপৰত  অফিচাৰ চয়চৰ বটল এটা আছিল। উঠাই আনিলোঁ। এলকহল আৰু দেটলে এনে সময়ত একেই কাম কৰে। তাৰ ঘাঁ টুকুৰাত মদ অলপ ঢালি দিলোঁ। সি শিয়ৰি উঠিল আৰু লৰচৰ কৰি দিলে। গোটেই মদ খিনি  তাৰ গাত পৰি গল।

আকৌ এবাৰ দৌৰ দিলোঁ । ৰূম ক্লিনাৰ বিচাৰি। নাই! সেইয়াও  নাই। কিনো থৈছে জানো ঘৰখনত একোৱেই পাবলৈ নাই। মূৰটো গৰম হে হৈছে আৰু। কেৰাচিন অলপ বিচাৰি পালোঁ। সেইখিনিৰেই তেজ পৰি থকা ঠাই টুকুৰা চাফা কৰি দিলোঁ। একেবাৰে পাকঘৰলৈকেই ঘৰ খন মচি দিলোঁ। ইমান কণতো কৰি দিব পাৰোৱেই আৰু! মজিয়া তিতি আছে। শুকাবলৈ ফেন খনৰ চুইছটো অন কৰি দিলোঁ। নাই, কাৰেণ্ট নাই। এই ঠাই টুকুৰাত নহয়। মাথাটো গৰম হৈ ওলাই গুচি আহিলো । গেছ লিক কৰাৰ দৰে গোন্ধ আহিছে কিন্তু আকৌ ভিতৰলৈ উভতি যাবলৈ মন নগ'ল।

গেটৰ বাহিৰ হলো। অলপ দূৰ আগবাঢ়ি গৈছোঁ হে বয়সস্থ মানুহ এজনে মাত দিলে, "ভাইটি, শুনা চোন ।" মই ৰৈ দিলোঁ। তেওঁ কাষ চাপি আহিল। " তুমি ইলেকট্ৰিচিটিৰ কাম জানা নেকি?", তেওঁ সুধিলে। "জানো অলপ ! কওক চোন কি হল?", মই তেওঁৰ প্ৰশ্নৰ সহাঁৰি জনাই উত্তৰত তেওঁক কলো। " যোৱা তিনি ঘণ্টা ধৰি কাৰেণ্ট নাই অ বোপা। ইলেকট্ৰিচিটি বৰ্ডলৈ যোৱা দুঘণ্টা ধৰি ফোন কৰি আছোঁ। সিহঁতে পঠিয়াম বুলি কৈও এতিয়ালৈকে মানুহ পঠিওৱা নাই। কিবা হৈছে?বেয়া নোপোৱা যদি তুমি অকন চাই দিব পাৰিবা নেকি বোপা?", তেওঁ কাৰণটো মোক কলে। " আৰে , আৰে , একো নাই । মই, চাই দিছোঁ দিয়ক। কত আছে ট্ৰংস্ফৰ্মাৰটো?", মই তেওঁক কলো। তেওঁ ট্ৰংস্ফৰ্মাৰটোলৈ আঙুলিয়াই দেখুৱালে। মই আগবাঢ়ি গৈ ট্ৰংস্ফৰ্মাৰটোৰ ওচৰত গৈ ভালকৈ চালোঁ। "একো নাই , খুড়া । অকণমান প্ৰব্লেম এটা আছে মই ঠিক কৰি দিছোঁ।", এইবুলি কৈ মই কামত লাগিলো। অলপ সময়তে সমস্যাৰ সমাধান হৈ গল। কাৰেণ্ট আহি গল।

মই মানুহজনৰ ওচৰলৈ আগবাঢ়ি গৈ কলো, " ঠিক হৈ গল খুড়া।" মই কথাষাৰ কৈ শেষ কৰিছোঁ হে ধামম.. কৈ হোৱা শব্দ এটাই চৌপাশ কঁপাই থৈ গল। "এইটো কি শব্দ আকৌ!", মানুহজনে আতংকিত হৈ সুধিলে। মই কথাটো পাতলাবলৈ কলো," ক'ৰবাত কোনোবাই ড্ৰামত সুমুৱাই ফটকা ফুটাইছে চাগৈ! ঠিকে আছে খুড়া মই যাওঁ এতিয়া তেন্তে।" মানুহজনে মোৰ কথাত বিশ্বাস কৰি কলে , " হব পাৰে। বাৰু যোৱা বোপাই। বহুত বহুত ধন্যবাদ। তুমি ডাঙৰ সহায় কৰিলা আজি।" মইও হাঁহি এটা মাৰি বিদায় ললো।

ঘৰৰ ভিতৰলৈ সুমাওঁতে হাতৰ গ্লভচ্ যোৰ আৰু চেণ্ডেল যোৰ খুলি হাতত ললো। আৰু পকেটত থকা স্ক্ৰু ড্ৰাইভাৰটোও উলিয়াই ললো। গা পা ধুই আহি নিউজ চেনেলটো অন্ কৰিলোঁ। হাতত চাহ এক কাপ। ব্ৰেকিং নিউজ আহি আছিল এনেদৰে, " চহৰৰ শীৰ্ষ আৰক্ষী বিষয়াক নৃশংস ভাৱে অগ্নিদগ্ধ কৰি হত্যা। হত্যাকাৰীয়ে জ্বলাই থৈ গল বহু গুৰুত্বপূৰ্ণ নথি, তাৰ লগতে নষ্ট কৰি থৈ গল বহু প্ৰমাণ। সূত্ৰ মতে চিলিণ্ডাৰ বিস্ফোৰণৰ দ্বাৰা এই হত্যা।" খবৰটো চাই মই চাহৰ কাপত এটি চুমুক দিলোঁ। নিউজৰ পৰা চিনেমালৈ মই চেনেলটো সলাই দিলোঁ। নাকত প্লাষ্টিক পোৰাৰ গোন্ধ এটা লাগিছিলহি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)