আপোনাৰ দিনটি ভাল হ'বৰ বাবে ৰাতিপুৱা এইখিনি কাম কৰক-প্ৰশান্ত কুমাৰ দাস

©Admin
0


১) প্ৰথমতে ৰাতিপুৱা শুই উঠিয়েই নিজৰ বিছনাখন নিজেই ঠিক কৰক । ইয়ে আপোনাক দিনটোৰ বাকীখিনি কৰ্ম কৰাৰ বাবে সাজু কৰি ৰাখিব ।

২) অন্ততঃ ১০ মিনিট সময় ধ্যান কৰক । ইয়ে আপোনাৰ একাগ্ৰতা বঢ়াব লগতে ঋণাত্মক মনোভাৱবোৰ মনৰপৰা আতঁৰাই ধনাত্মক চিন্তাধাৰাৰে মনটো শান্ত ও  সজীৱ কৰি ৰাখিব । ইয়াৰ পিছত যথাসম্ভৱ শৰীৰ চৰ্চা ও প্ৰাতঃভ্ৰমণ কৰক । 

৩) যিমান পাৰে শীতল পানীয়েই হওঁক নাইবা কুহুমীয়া গৰম পানী গুঢ় আৰু দুই বা তিনিখিলা মানিমুনি পাতৰ সৈতে সেৱন কৰক । ইয়ে আপোনাৰ শৰীৰৰ পৰা Toxin পদাৰ্থসমূহ উলিয়াই দিয়াত সহায় কৰিব ।

৪) ম'বাইলতেই হওঁক বা টিভিতেই হঁওক কিবা শুনিবলৈ বা চাবলৈ হ'লে সেইবোৰেহে শুনিব বা চাব যিবোৰে নেকি ইতিবাচক, প্ৰেৰণাদায়ক, আনন্দদায়ক আৰু উৎসাহমূলক  মনোভাৱৰ সৃষ্টি কৰে । 

৫) আপোনাৰ দিনটোৰ কামৰ তালিকাখন বনাওক যিবোৰ কাম আপুনি সেই দিনটোত কৰিবই বুলি স্থিৰ কৰি লৈছে । কামৰ তালিকাখন আপুনি আগৰ নিশাই বনাই ল'ব পাৰে । ইয়ে আপোনাৰ দীৰ্ঘসূত্ৰীতা দূৰ কৰি সৰহ সংখ্যক কাম সম্পন্ন কৰাত সহায় কৰিব ।

৬) পুৱাৰ ভাগ যিহেতু দিনটোৰ আৰম্ভণিৰ সময় , সেয়েহে   আপোনাৰ আপোনজনেই হওক নাইবা প্ৰতিবেশীয়েই হওক নাইবা বন্ধুবৰেই হওক সকলোকে এটি মিঠা হাঁহিৰে " শুপ্ৰভাত বা Good Morning "  ৰ সম্ভাষন দিবলৈ চেষ্টা কৰক । 

৭) পুৱাৰ সূৰ্য্যৰ ৰশ্মিয়ে আমাৰ দেহত ভিটামিন D  প্ৰস্তুত কৰে যিয়ে আমাৰ দেহৰ ক্লান্তি দূৰ কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, ছালৰ সজীৱতা বজাই ৰখা , হাড় মজবুত কৰা আদিত সহায় কৰে । সেয়েহে পুৱাৰ সূৰ্য্যৰ ৰশ্মি দেহত কিছু সময় পৰিব দিব । 

৮) শীতল পানীৰে বা উষ্ম পানীৰে গাটো তিয়াই ল'ব ইয়ে আপোনাৰ দেহ-মনলৈ সজীৱতা আনিব ।

৯) যিকোনো ধৰণৰ নেতিবাচক চিন্তা বা কৰ্মৰ পৰা নিজকে বিৰত ৰাখক । মনত ৰাখিব এটা নেতিবাচক কৰ্মৰ ফলো সদায় নেতিবাচকহে ওলায় । 

১০) খোৱাৰ ক্ষেত্ৰত যথাসম্ভৱ সতেজ ফল-মূল বা খাদ্যবস্তু গ্ৰহণ কৰক । বাহী খাদ্য পৰাপক্ষত নোখোৱাই ভাল । স্বাস্থ্য ভালেই থাকিব । 

১১) এক সোনোৱালী ভৱিষ্যতৰ পৰিকল্পনাৰে আত্মবিশ্বাস সহ পূৰ্ণ উদ্যমেৰে কৰ্মক্ষেত্ৰত নামি পৰক । 

✍️ প্ৰশান্ত কুমাৰ দাস 

বি:দ্ৰ:- লিখাখিনিত কিছু ত্ৰুটি হয়তো থাকিব পাৰে তাৰ বাবে ক্ষমা মাৰ্জনীয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)