জোৱাৰ-মৌচম হাজৰিকা

তুমি যেতিয়া সূৰ্যাস্ত চোৱা,
মই হ'ব খোজো 
বিয়লিৰ চৰাইৰ দৰে ঘৰমুৱা। 

তুমি যেতিয়া টোপনি যোৱা 
মই সপোন হ'ব খোজো 
তুমি ভাল পোৱা। 

তুমি যেতিয়া সাৰে থাকা 
মই সূৰ্য্য হ'ব খোজো 
তোমাৰ মনৰ আকাশত থকা। 

তুমি যেতিয়া মোক চোৱা 
মই জোৱাৰ হ'ব খোজো 
কেৱল তুমি দেখা পোৱা । 


✍️মৌচম হাজৰিকা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send