:"উম প্ৰিয়া, কোৱা।"
নদীখনৰ পাৰত বহি প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰি থাকোতেই তাই মাত লগালে নিঃশব্দতা ভাঙি শব্দ ওলাই আহিল। দুয়ো দুয়োলৈ চালে।
:"নদীখন আজি কিবা এটা ভাল লাগিছে। ইয়াতেই যেন বিলীন হৈ যাম। কুলু কুলু শব্দবোৰে যে ভালপোৱাৰ সুৰ তানিছে।"
:"পাগলীজনী, মোৰো ভাল লাগে নদী। কিন্তু তাতোতকৈও প্ৰিয় যে তুমি। তোমাৰ ভালপোৱাৰ চহৰত মই সদায় প্ৰিয়জন হৈ ৰ'ব খোজো।"
:"মোৰ ভালপোৱাৰ চহৰত তুমি আহিলেইটো প্ৰেমৰ গোলাপে প্ৰাণ পাই উঠে। তুমি যে আজন্ম প্ৰিয়।"
নদীৰ পাৰে পাৰে দুয়ো খোজকাঢ়ি গৈ থাকোতেই নিবিৰে পানী এছাতি মাৰি দিলে। প্ৰিয়াৰো খং উঠি গ'ল। তাৰ গালৈ পানী অলপ মাৰি অভিমান কৰি আঁতৰি গ'ল। অভিমানৰ জানো শেষ আছে কেতিয়াবা?
:"ঐ অভিমানী প্ৰিয়া, তোমাৰ অভিমান মোৰ ভাল লাগে। অভিমান কৰিলে তোমাৰ প্ৰেমত বেছিকৈ পৰোঁ, পাগল পাগল মন, তোমাতেই মগন। য়ে দিল তু দিৱানা হে।"
তাই দৌৰি আহি তাৰ চুলিত জোকাৰি ক'লে,
:"পাগলটো মোৰ।"
:"মে তু পাগল হো সিৰ্ফ তেৰে লিয়ে।"
:"থোৱা থোৱা, তোমাৰ ডাইলগবাজী।"
:"Ok, তুমি যি বিচৰা।"
:"ঐ হঠাতে যদি মই হেৰাই যাওঁ অসীমত?" তাৰ ফালে চাই ল'লে। সি তাইক বুকুৰ গভীৰলৈ সোমোৱাই নি ক'লে,
:"চুপ থাকা, হেৰাই যাব নিদিওঁ তোমাক। হেৰাই যোৱাৰ ভয় থাকিলে অত্যধিক ভাল পাব বিচাৰিম, যাতে হেৰাই যোৱাৰ আগত হাজাৰ বাৰ ভাবিব লগা হয়। ভাল পাওঁ তোমাক প্ৰিয়া।"
:"তুমি সঁচাই পগলা, মোৰ অভিমানী আকাশৰ তুমিয়েইতো জোন।"
:"আৰু তুমি মোৰ সপোন কুঁৱৰী। মোৰ মাৰ বোৱাৰী।"
:"হেট ইউ নিবিৰ।"
:"হেট ইউ ফ'ৰেভাৰ।"
দুয়ো গাড়ীখনৰ ওচৰলৈ বাট ল'লে....
✍️ডিম্পল হাজৰিকা
নৰ্থ লখিমপুৰ কলেজ (স্বা)
লখিমপুৰ
ফোন নং-৮৮২২৫১৬২৩১
অতি সুন্দৰ লেখনি, তোমাক মোৰ ছাত্ৰী হিচাপে পাই নিজকে সচাঁই ধন্য মানিছো😊 আৰু লিখি যোৱা আৰু অসমীয়া সাহিত্যক চহকী কৰি যোৱা💐
ReplyDeleteঅশেষ ধন্যবাদ অসমীয়া সাহিত্যৰ চানেকি পৰিয়াললৈ❣️
ReplyDelete