(১)
নাঙল-মাটিৰ সম্পৰ্কত আউল লগাবলৈ
বগলীবোৰ জাকে জাকে উৰিছে।
মুকলি পথাৰখনৰ পৰা পদুলিমুখলৈকে
লানি নিচিগা দীঘলিয়া শাৰী।
(২)
সিহঁতৰ প্ৰতিশ্ৰুতিৰ মহামাৰীত
জীৱন্তবোৰ মৃতদেহলৈ আৰু
মৃতদেহবোৰ জীৱন্তলৈ ৰূপ লৈছে।
(৩)
সপোন দেখাৰ নতুন কৌশলত
চকুবোৰ কাঢ়ি নিলে।
জিন্দাবাদ ৰ্মুদাবাদৰ বিনিময়ত দিলে
পাঁচ বছৰীয়া একোটি দীঘল হুমুনিয়াহ।
আকৌ এবাৰ মই পৰাজয় মানি লৈছোঁ।
✍️জ্ক পাই