বৰষুণ~চুটিগল্প-পূৰ্ণিমা বেজবৰা

বাহিৰত এজাক মূষলধাৰ বৰষুণ , মনপ্ৰাণ জুৰ পেলাব পৰাকৈ বৰষুণজাক আহিছে ৷ যিমানেই বৰষুণজাক প্ৰবল হৈছে সিমানেই নিৰ্মলাৰ বুকুৰ ঢপ্‌ঢপনিতো বাঢ়িছে ....
     যোৱা চাৰিদিনে মানুহটো নদীত মাছ মাৰিবলৈ গৈ ঘূৰি অহা নাই ৷ যোৱাকালি খবৰ আহিছিল জালত ভাল মাছ পৰা নাই আৰু দুদিনমান নদীত থাকিব লাগিব ৷ নদীৰ পানী ক্ৰমান্বয়ে বাঢ়ি আছে ৷ মাছ জালত পৰিবলৈ হ’লে পানী কমিব লাগিব ...কিন্তু পানী বাঢ়ি থাকিলে , মূষলধাৰ বৰষুণ পৰি থাকিলে মাছমৰীয়াসকলৰ জীৱনলৈ মৃত্যুৰ ভাৱুকি আহিব , টি.ভি ৰ বাতৰিত অহৰহ কৈয়ে আছে !
  “ এইয়া এইয়া নদীত পানী উপচি পৰিছে ৷ প্ৰৱল সোঁতত মাছমৰীয়াসকলৰ জীৱন বিপদাপন্ন হৈ উঠিছে ৷ ইতিমধ্যে তিনিজন মাছমৰীয়াই ডাঙৰ মাছ এটা ধৰিবলৈ গৈ পানীত উফাল খাই পানীত পৰিছে ৷ নদীৰ সোঁতে উটুৱাই নি বহুদূৰ পোৱাইছে ! ” নাই নাই আৰু চাই থাকিব নোৱাৰি ৷ টি ভি টো বন্ধ কৰি তাই থাপনাৰ চাকিগছ জ্বলালে ৷ এবাৰ জ্বলি হঠাৎ নুমাই থাকিল শলিতাডাল৷ অজান আশংকাত বুকুখন কঁপি উঠিল ৷ তথাপিও মনলৈ সাহস আনি নিজকে শান্ত্বনা দিলে নাই নাই খৰধৰ কৰোঁতে শলিতাডাল নুমাল , বকুলৰ একো হোৱা নাই ! হ’ব নোৱাৰে ....
" হে ঈশ্বৰ ক্ষান্ত হোৱা , বৰষুণৰ গতি কমোৱা ! প্ৰভু .....
নিৰ্মলা নিৰ্মলা ....ঈশ্বৰক আৰু কিবা ক’বলৈ লওঁতেই বাহিৰত কাৰোবাৰ তত্‌ নোহোৱাকৈ চিঞৰ শুনি উধাতু খাই তাই বাহিৰলৈ আহিল...৷ বাহিৰত বহুত মানুহ ৷ গোটেই গাৱঁৰ মানুহ হিলদল ভাঙি আহিছে ৷ প্ৰবল বৰষুণজাকেও কাকো বাধা দিব পৰা নাই ৷ নিৰ্মলাহঁতৰ চোতালত প্ৰকাণ্ড এটা স্কছ্‌ মাছ ৷ বৰ টেলাল মাছ ৷ সকলোৰে চকু ডাঙৰকৈ মেল খাই আছে ৷ কোনেও টুঁ শব্দ এটাও কৰা নাই ৷ উধাতু খাই দৌৰি ওলাই অহা নিৰ্মলা আগফালৰ দৰ্জাৰ দুৱাৰদলিত উজুটি লাগি হামখুৰি খাই বাগৰি পৰিল ৷ ইমান জোৰেৰে বাগৰিল যে তিনিলুটি খাই একেবাৰে মাছটোৰ ওপৰত হাতখন থৈ ৰ’লগৈ ৷ মাছটোত হাতটো লগাৰ লগে লগে তাই গাটো এক অজান আশংকাত জিকাৰ খাই উঠিল ৷ বুজাব নোৱাৰা এক শিহৰণে তাইক ভিতৰৰ মানুহ জনীলৈকে জোকাৰি থৈ গ’ল ৷ ইফালে-সিফালে ভয়ে ভয়ে চাওঁতেই কোনোবাই আকৌ চিঞৰিলে “ ঐ পালেহি পালেহি , সৌৱা এম্বুলেন্স খনতে আনিছে ৷ তাৰ লগৰ দুটা বাচিবও পাৰে বুলি কৈছে ৷ সিহঁতদুটা আমাৰ গাৱঁৰ নহয় বোলে ৷ বকুলটোৰহে দিন বেয়া আছিল ৷ ইমান ভাল মানুহটোক ঈশ্বৰে কিয় লৈ গ’ল বাৰু ? এই মাছটোৱেই তাৰ কাল হ’ল ! মাছটো জালৰ পৰা ধৰি নাওঁত ঠিকেই উঠালে কিন্তু সি আৰু নাওঁখনত থকা আন চাৰিজনৰ দুজন উৰ্ফাল খাই পানীত পৰি গ’ল ৷ পানীৰ সোঁত ইমান প্ৰবল আছিল যে লগৰ দুটা তৎক্ষণাত পানীত জাপ দিও পুনৰ নাৱঁৰ ওপৰলৈ উঠি আহিব লগীয়া হ’ল ৷ কিছু দেৰিৰ পিছত ৰছী আৰু ৰিঙৰ সহায়ত দুজনে সংকটজনক অৱস্থাৰে নাৱঁত উঠিবলৈ সক্ষম হ’ল যদিও বকুলক ইতিমধ্যে নদীৰ পানীয়ে উতুৱাই নি বহুখিনি পোৱালেগৈ ৷ সংকটজনকঅৱস্থাৰে নাওঁত উঠা লগৰীয়া দুজনক দেখি বকুলক বচাবলৈ কোনেও পুনৰবাৰ পানীত জাপ দিয়াৰ সাহস নকৰিলে ৷ সহায়ৰ বাবে মাতিবলৈকো ওচৰত কোনো নাছিল ৷ চহৰৰ পৰা পুলিচ , ডুবাৰু এই সকল গৈ বিচাৰ খোচাৰ কৰে মানে বকুল ইতিমধ্যে নদীৰ পানীত নাপাত্তা হৈ গৈছিল ৷    
   অৱশেষত যেনিবা এদিন এবেলাৰ অন্তত ডুবাৰু সকলে অনেক কষ্টৰ শেষত বকুলৰ মৃত দেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ৷ 
   ইমান দেৰি মানুহবোৰে কৈ থকা কথাবোৰ নিৰ্মলাই বিশ্বাস কৰিবলৈ টান লাগিল ৷ তাই ঈশ্বৰৰ ওপৰত গভীৰ আস্থা থকা মহিলা ৷ ঈশ্বৰে তাইক কেতিয়াও এনে দুৰৱস্থা কৰিব নোৱাৰে ....কথাষাৰ ভাৱি থাকোঁতেই কোনোবাই কোৱা তাইৰ কাণত পৰিল “ " ঐ ঈশ্বৰত গভীৰ আস্থা হ’লে এনেকুৱাই হয় ছাগৈ ! ঈশ্বৰে তেওঁৰ ভক্তসকলকহে ইটোৰ পিছত সিটো পৰীক্ষা লয় ....” নিৰ্মলাই আৰু শুনি থাকিব নোৱাৰিলে ৷ কাণদুখনত হেচামাৰি ধৰিলে ৷ বাহিৰৰ মুষলধাৰ বৰষুণ জাক কমিল যদিও নিৰ্মলাৰ বুকুৰ বেদনাৰ বৰষুণজাকৰ প্ৰবলতা ইমানেই প্ৰবল হৈ উঠিল যে যিমান পাৰে সিমান জোৰেৰে বকুলক চিঞৰি মাৰি অচেতন হৈ পৰিল ....৷ 
    দুজনমান লোকে বকুলৰ মৃতদেহটো গাড়ীৰ পৰা নমাই অনাৰ লগে লগে আন দুগৰাকীমান মহিলাই নিৰ্মলাৰ অচেতন দেহাটো গাড়ীত উঠাই হস্পিতাললৈ বুলি লৈ যাবলৈ সাজু হ’ল ...
  নিৰ্মলাৰ কণমানি ৰুবিনাই কি হৈছে একো বুজিব নোৱাৰি দেউতা দেউতা বুলি মৃত বকুলৰ চাৰ্টৰ কলাৰটো টানি টানি জগাবলৈ চেষ্টা কৰি থাকিল।       
     মৃত বকুলৰ বাবে হোৱা বেদনাতকৈয়ো ৰুবিনাই দেউতাকৰ চাৰ্টৰ কলাৰত ধৰি টানি থকা দৃশ্যটোৱেহে চোতালত ৰৈ থকা সকলোৰে চকুবোৰত গভীৰ বেদনাৰ বৰষুণ নমাই আনিলে ..... ৷ 

✍️পূৰ্ণিমা বেজবৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send