হয়তো এদিন আহিব-উৎপল দাস

হয়তো এদিন আহিব,
জীৱনৰ অনাকাংক্ষিত সময়বোৰ আঁতৰি যাব ।

ভাল দিনবোৰে হাত বাউলি মাতিব ।

যিবোৰ বেয়া পোৱা যায়, লাহে লাহে আঁতৰি যাব,

 তাড়নাৰ কাৰণে কৰিব লগা কামবোৰ সময়ৰ সোঁতত সততাৰ ওচৰত হাৰ মানি মান মৰ্য্যাদাৰে ওপচি পৰিব ।

হয়টো সময়ত নিৰক্ষৰজনৰ চতুৰতাৰ ওচৰত  
মূৰ দোঁৱাবলৈ বাধ্য কৰাই, মজা লোৱাৰ জাতিৰ জ্ঞাতিহঁতৰ, সু বুদ্ধি উদয় হ'ব ।

কামৰ মৰ্য্যাদা নিদিয়া মালিক ৰূপী মহোদয় সকলৰ লাহ বিলাহৰ একাপ চাহৰ মূল্য মাথোঁ মজুৰি শ্ৰমিকৰ । হয়তো এদিন আহিব যোগ্যতা বাঢ়িব ।

ভালৰ বাবে ভাল হব । খাটি খোৱাৰ বাবে লাভ হ'ব ।

হয়তো এদিন আহিব ।

ধ্বংস হ'ব কুটিল ষড়যন্ত্ৰকাৰী ঘাটিবোৰ ।

মান মৰ্য্যদাবোৰ যোগ্য জনৰ ওচৰতে থাকিব ।
                     
✍️উৎপল দাস
কুৰুৱাবাহী,বোকাখাত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send