প্ৰথম প্ৰেমৰ অনুভূতি-ৰশ্মি বেজবৰুৱা

©Admin
0
অজানিতে হৃদয়ৰ একুৰিয়ামত এটি নতুন খলকনি....., 
শুনা নুশুনা ;চিনা -অচিনা সপোনৰ অচিন বেমেজালি।
অজানিতে মনৰ কোনোবাখিনিত নতুন অনুভূতি,, 
বুজা-নুবুজাৰে অচিনা আৰম্ভণি,

অচিন হৈও যেন বুকুৰ আপোন, কোনোবা দূৰ শতিকাৰ চিনাকী,,,,, 
এটি মিঠা আৱেগৰ ঢৌ
মনত হাজাৰ প্ৰশ্ন ;
উত্তৰত নিৰুত্তৰ 
মৌনতা যেন অচিনা লগৰী ।
ভাবনাত বিভোৰ মুহূৰ্ত; হৃদয় কাননত পুনঃ কৰেহি আমনি,, 
দাপোণৰ সন্মুখত দুচকুত জিলিকি উঠে লাজুকি হাঁহিটি,,।
 এয়াই নেকি প্ৰেমৰ আৰম্ভণি।।

মাজনিশাৰ বৰষুণজাকত ডায়েৰীৰ ভাঁজে ভাঁজে জমি উঠে হেপাহঁৰ মেহ্ফিল
 দুচকুত নধৰে টোপনি ; চকুৰ পতাত মাথোঁ তেঁৱেই আলহী ,
হৃদয়ৰ দস্তাবেজত আজি তেওঁৰেই ছবি ,,......
  চিনা অচিনা আৱেগৰ গাঁঠিৰে বুজা নুবুজা মৰমৰ ভাষাৰে সপোনবোৰো যেন বেমেজালি ,
   এয়াই নেকি;প্ৰথম প্ৰেমৰ অনুভূতি ।।

✍️ৰশ্মি বেজবৰুৱা,
হাটিঙাবড়ি; জামুগুৰিহাট,শোণিতপুৰ (অসম) 
ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ ছাত্ৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)