অস্তৰাগৰ হাঁহি~গল্প-নিজৰা বৰ্মন ডেকা

©Admin
0
ৰাজমহলৰ দৰে লগা ঘৰটোৰ বাৰাণ্ডাত বহি এসময়ৰ সমাজপ্ৰেমী কৃতি শিক্ষক বিনোদ চলিহাই ৰাস্তাৰে যোৱা প্ৰতিজন মানুহক এষাৰ মাত লগাই ৷ গাওঁখনৰ প্ৰতিজন মানুহে তেখেতক সমীহ কৰি চলে৷ প্ৰতিদিনে আবেলি বাৰাণ্ডাত বহি তেওঁৰ চকীদাৰজনক ওচৰলৈ মাতি কাষত বহুৱাই লৈ পুৰণি কথাৰ মহলা মাৰি ভাল পায়৷চলিহাই মৰমতে হৰিধনক ধন বুলিয়ে মাতে৷ হৰিধনেও নিজৰ ককাইদেউৰ দৰে ব্যৱহাৰ কৰে ৷তেওঁ সদায়ে আবেলি দুয়োৰে কাৰণে গাখীৰ সৰহকৈ দি দুকাপ চাহ বনাই লগ হৈ খায়৷ চলিহাই চাহ খাই গেটৰ ওচৰলৈ যায় আৰু কোন ক'লৈ যায় বা আহে তাৰ খবৰ লয়৷মানুহবোৰেও সেইখিনি পালে এবাৰ চলিহা চাৰ আছে নে নাই ডিঙি মেলি চায়৷সকলোৱে তেখেতৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ভাল পায়৷ চলিহা চাৰেও কোনোবাই চাৰ কি খবৰ ? ভালে আছেনে? বুলি সুধিলে মনটো উজ্জ্বলি উঠে ৷ কাৰণ তেখেতে তেতিয়া ভাবে যে এতিয়াও আগৰ নিচিনা শিক্ষকৰ সন্মান দি আছে৷অন্তত: আনৰ পৰা হ’লেও যে সন্মান পাই আছে তাতেই তেখেত সুখী৷ কিয়নো নিজৰ বুলিবলৈ সকলো আছে কিন্তু খবৰ ল’বলৈ যেন কোনো নাই৷সেয়ে চলিহাই প্ৰতি পলে পলে পত্নীৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰে৷ পত্নী জীয়াই থকাত কামৰ তাগিদাত পত্নীৰ প্ৰতি দায়িত্ব অথবা নিজৰ জীৱনত পত্নীৰ গুৰুত্ব কিমান সেই কথা তেতিয়া অনুভৱ কৰিব পৰা নাছিল৷ আজি নিজকে পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া যেন অনুভৱ কৰিছে ৷ কোনো কথাতে হকাবাধা নকৰা পত্নীৰ অনুপস্থিতিয়ে চলিহাক বাৰুকৈয়ে আমনি কৰিছে৷ চলিহাক পত্নীয়ে মৰাৰ আগমুহূৰ্তত কৈছিল যে পুত্ৰ-বোৱাৰী আৰু জী- জোঁৱাই থাকোঁতে আপোনাৰ থকা-খোৱাৰ চিন্তা কৰিব লগা নহয়৷মই নাথাকিলেও সিহঁতে আপোনাক ভালকৈ চোৱা-চিতা কৰিব৷ 
     সঁচা কথা৷ দুজন ল’ৰাৰ এজনে হ’লেও চাব ৷ পিছে এতিয়া তাৰ ওলোটা হ’ল৷ বোৱাৰীহঁত আহিলেও চলিহাক চোৱা- চিতা কৰাৰ বিপৰীতে মুখখন এপাচিমান কৰি থয়৷সেই কথাটো চলিহাই বুজি পায় ৷তাতে চলিহাই ছোৱালী দুজনীকো সম্পত্তিৰ ভাগ দিছে যিটো তেওঁলোকে বিচৰা নাছিল৷ আনহাতে চলিহাই গাওঁৰ দুখীয়া ঘৰৰ বিবাহ সকাম আদিতো টকা পইচাৰে সহায় কৰে ৷ বোৱাৰীৱেকহঁতে শহুৰেকে পেঞ্চনৰ টকা এনেদৰে অপব্যয় কৰা বাবে শহুৰেকলৈ খং ৷ সকলো সহ্য কৰি চলিহাই পত্নী অবিহনে ১২ বছৰ অতিক্ৰম কৰিলে৷ পেঞ্চনৰ টকা পোৱাৰ বাবে চলিহা খোৱা-বোৱাৰ চিন্তা কৰিব নালাগে৷চিন্তা মাঁথো অকলশৰীয়াজীৱন কেনেকৈ পাৰ কৰিব৷ 
তেওঁৰ একমাত্ৰ সাৰথি হৰিধনকো বোৱাৰীয়েকে বেয়া ব্যৱহাৰ কৰে৷ মুখ ফুটাই চলিহাই বোৱাৰীয়েকক একো নকয় ৷ কাৰণ দুদিনৰ কাৰণে আহে৷ তেওঁলোক গ’লে আকৌ হৰিধনৰ লগতে সময় কটায়৷গতিকে বোৱাৰীৰ লগত বেয়া হৈ লাভ নাই ৷
     এইদৰে সময় আগবাঢ়ি যায় , চলিহাৰো বয়স বাঢ়ি বৃদ্ধাৱস্থা পায় ৷ লগে লগে শৰীৰত বিভিন্ন ৰোগে আক্ৰমণ কৰিবলৈ ধৰিছে৷ মানুহৰ সমালোচনাৰ ভয়ত দুয়ো পুতেকে বোৱাৰীহতঁক চলিহাক চোৱা চিতা কৰিবলৈ দেউতাকৰ লগত থ'লে৷ চলিহাই তেওঁলোক নাথাকিলে বেছি ভাল পালেহেতেন৷ কিয়নো হৰিধন বাপুই বোৱাৰীতকৈ বেছি ভালকৈ চোৱা চিতা কৰে৷ চলিহাই এটি গৰু ৰাখিছিল হৰিধন থকা বাবে ৷ গৰুটোৰ খোৱাৰ যা- যোগাৰ কৰি সময়ত কটাইছিল৷ এতিয়া বোৱাৰীয়িকেহঁতে গৰুটোৰ নামত অযথা খৰচ আৰু ঠাই লেতেৰা কৰাৰ অজুহাতত গৰুটো বিক্ৰী কৰাৰ প্ৰস্তাৱ দিলে৷ তাকে শুনি দুখে- বেজাৰে চলিহাৰ বেমাৰে হেচি ধৰিলে৷  
    পিছে এদিন এসময়ত চলিহাই পঢ়াৰ নামত সহায় কৰা চলিহাৰ ছাত্ৰ শশাঙ্ক ই খবৰ ল’বলৈ আহিলে ৷আৰু সকলো কথা হৰিধন বাপুৰ মুখেৰে শুনিলে তেওঁৰ বৰ বেয়া লাগিল আৰু ক’লে যে চাৰ আপুনি চিন্তা নকৰিব ৷আপোনাৰ গৰুটো মই বেছিব নিদিওঁ ৷আপুনি গৰুটোৰ লগত সময় কটায় ভাল পায় যেতিয়া তাকে হ’ব৷ আপুনি দুখ নকৰিব৷ আৰু মই ইয়াত থকা কেইদিন আপোনাৰ লগত গল্প কৰিম৷আপোনাৰ পৰা সাধু শুনিম সৰুতে শুনা সাধু৷মইও আপোনাৰ পুত্ৰৰ তুল্য৷গতিকে আপোনাৰ লগত থকাৰ আনন্দৰ পৰা মোক বঞ্চিত নকৰিব৷ 
   চলিহাৰ সেইখিনি সময়ত আনন্দৰ চকুপানী নধৰা হৈছিল৷ কাৰণ তেওঁ নতুনকৈ লাভ কৰা পু্ত্ৰজনক সাবটি ধৰি ক'বৰ মন গৈছিল যে তুমি মোৰ ধৰ্মৰ পুত্ৰ৷তোমাক পাই মই বৰ সুখ পালোঁ৷ কিন্তু ক'ব নোৱাৰিলে ৷মাত্ৰ মনতে ভাবিলে যে কোনোবা জনমৰ পুণ্যৰ বলত এনেকুৱা সৰল মনৰ এগৰাকী পুত্ৰ জীৱনৰ বিয়লি বেলাত লাভ কৰিলে৷পৰম তৃপ্তিত চলিহাৰ মাত গদ্ গদ্ হৈছিল৷জীৱনৰ বিয়লিবেলা বিতৃষ্ণাৰ পৰা ক্ৰমাৎ ভালপোৱালৈ জীৱনটো আগুৱাই নিব বিচাৰিছে।

    ✍নিজৰা বৰ্মন ডেকা৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)