ভালে থাকোঁ আহা আমিও
অন্ততঃ ভালে থকাৰ কচৰৎ কৰোঁ আহা
ভাল হ'ব সকলো ।
প্ৰকৃতিৰ ৰুষ্টতাত যদিও জীৱন নষ্ট
ভোকত যদিও খহিছে স্বাস্হ্য
মহামাৰীয়ে যদিও আঁজুৰিছে প্ৰাণ
আলসুৱা সপোনবোৰ সন্দিহান
তথাপিও ভালে থাকোঁ আহা
অন্ততঃ ভালে থকাৰ কচৰৎ কৰোঁ আহা ।
জীৱন মানেই জঞ্জাল....
ধনীৰ ভাষাত ঈশ্বৰৰ উপহাৰ
কবিৰ ভাষাত সুখ - দুখৰ সমাহাৰ
দাৰিদ্ৰৰ ভাষাত কঠোৰ সংগ্ৰাম
আৰু নাৰীৰ ভাষাত.....!
নাৰীৰ ভাষাত মচিব নোৱাৰা কলংকিত দাগ
যুগে যুগে প্ৰচলিত বদনামী ইতিহাস ।
তথাপিও মোৰ আহ্বান, ভালে থাকোঁ আহা
অন্ততঃ ভালে থকাৰ কচৰৎ কৰোঁ আহা।
জীৱনক সোধোঁ কেতিয়াবা,
"ভালে থকা কি ইমান জটিল?"
জীৱনে কয়,
"বুকুত হাত থৈ নিজক সোধা,
মানুহে যদি মানুহৰ আদৰ নকৰা
ভালে থকাৰ কচৰৎ কিদৰে কৰিবা?
লোভ-মোহৰ আৱৰণ গুচাই চৌপাশে চোৱা
বুজি উঠিবা নিজেই,
মানুহ হোৱাৰ মৰ্মান্তিকতা ।"
✍️ মৰমী চাহু
ইংৰাজী বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ